ETV Bharat / state

ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত অনুষ্টুপীয়াকৈ পালন ৰথ যাত্ৰা

ক'ভিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ জগন্নাথ মন্দিৰত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল ৰথ যাত্ৰা ৷ ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ মন্দিৰত পূৰ্বৰ দৰে পৰিবেশ দেখিবলৈ পোৱা নাযায় ৷

Enter Keyword here.. Rath yatra celebrates at Jagannath mandir
ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল ৰথ যাত্ৰা
author img

By

Published : Jul 12, 2021, 10:27 PM IST

মৰাণ, 12 জুলাই : ক'ভিড সৃষ্ট পৰিবেশৰ মাজতে ৰাজ্যতো সোমবাৰে অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথ যাত্ৰা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ জগনাথ মন্দিৰতো অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় ৰথ যাত্ৰা । 2014 বৰ্ষত ৰাজ্যপাল জানকী বল্লভ পাটনায়কৰ উদ্যোগত ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হৈছিল দেশৰ ভিতৰতে দ্বিতীয়টো জগন্নাথ মন্দিৰ । ৰাজ্যপাল জানকী বল্লভ পাটনায়কৰ যেন সেয়া আছিল শেষ সপোন ।

মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি পূজা-অৰ্চনাৰে দুৱাৰ মুকলি কৰি কিছু দিনৰ পাছতে মৃত্যু হৈছিল ৰাজ্যপাল জনৰ । পুৰীত অৱস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ সম্পূৰ্ণ আৰ্হিত এই মন্দিৰ নিৰ্মাণ কৰা দিনৰে পৰা প্ৰতি বছৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্ত সকলে ৰথ যাত্ৰাৰ উপলক্ষে ভিৰ কৰে । ৰথ যাত্ৰা উপলক্ষে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথ লৈ ডিব্ৰুগড় চহৰ ভ্ৰমণ কৰে ভক্ত সকলে ৷

ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল ৰথ যাত্ৰা

কিন্তু সোমবাৰে ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ পূৰ্বৰ দৰে পৰিবেশ দেখিবলৈ পোৱা নাযায় ৷ কেৱল মাত্ৰ অনুষ্টুপীয়াকৈ পালন কৰা হয় ৰথ যাত্ৰা ৷ জিলাখনত ক'ভিড প্ৰট'কল বলৱৎ হৈ থকাৰ বাবে মন্দিৰত ভক্তসকলে ভিৰ কৰা পৰা আঁতৰি থাকে ৷

পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে প্ৰভূ জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰাৰ বিগ্ৰহ মন্দিৰৰ পৰা উলিয়াই আনি সু-সজ্জিত ৰথত তোলা হয় । তাৰ পাছত ভক্তসকলে এই ৰথ ৰচিৰ সহায়ত টানি নি কেৱল মন্দিৰৰ চৌহদৰ ভিতৰতে পৰিভ্ৰমণ কৰে ।

লগতে পঢ়ক: সংৰক্ষণত অৱহেলা: দলনি হ'ল ঐতিহাসিক আঘোণীবাই পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.