মৰাণ,9 মাৰ্চ: 115 নং মৰাণ বিধানসভা সমষ্টিৰ পৰা মঙলবাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৰাফেল কুজুৰে ৷ অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক পদৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কুজুৰে ৷
মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয় যে, ‘‘মই বিচৰা ধৰণেৰে এজেপি দলে প্ৰাৰ্থিত্ব নিদিয়াৰ বাবেই নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিছো । ৰাইজে মোক বিচাৰিছিল জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সুস্থ সমাজ প্ৰতিষ্ঠাৰ বাবে । সেয়ে ৰাইজৰ স্বাৰ্থত নিৰ্বাচনত নামিছো’’।
সকলোৰে মৰম পালে কুজুৰে বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷ মুঠৰ ওপৰত এইবাৰ মৰাণৰ পৰা 5 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: আৰএছএছৰ কথা নুশুনা হ'ল বিজেপিয়ে !