ETV Bharat / state

Rongali Tingkhang 2023: ৰঙালী টিংখাং 2023 কাৰ্যসূচীত সৰ্বানন্দ সোণোৱালসহ তিনি কেন্দ্ৰীয় মন্ত্ৰীৰ অংশগ্ৰহণ - সৰ্বানন্দ সোণোৱাল

ৰঙালী টিংখাং 2023 ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ সাংসদ তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অংশগ্ৰহণ ৷ টিংখাঙৰ লেঙেৰীত 4মে’ৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উত্তৰ-পূবৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰ 'ৰঙালী-TINGKHANG 2023' 'Northeast - A Cultural Melting Pot' শীৰ্ষক অনুষ্ঠান (Minister Sarbananda Sonowal at Tingkhong)৷

Rongali Tingkhang 2023
ৰঙালী টিংখাং 2023 কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল
author img

By

Published : May 6, 2023, 1:31 PM IST

ৰঙালী টিংখাং 2023 কাৰ্যসূচীত তিনি কেন্দ্ৰীয় মন্ত্ৰীৰ অংশগ্ৰহণ

ডিব্ৰুগড়, 6 মে’: টিংখাঙৰ লেঙেৰীত 4মে’ৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উত্তৰ-পূবৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰ 'ৰঙালী-TINGKHANG 2023' 'Northeast - A Cultural Melting Pot' শীৰ্ষক অনুষ্ঠান ৷ শুকুৰবাৰে পুৱাৰে অনুষ্ঠিত হোৱা ৰঙালী টিংখাং 2023 ৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ সাংসদ তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Rangali Tingkhang Celebrated in Tingkhong) ৷

ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এনেধৰণৰ অনুষ্ঠানে সম্প্ৰীতি ৰক্ষাত সহায় কৰে ৷ লগতে টিংখাঙৰ ৰাইজকো এই অনুষ্ঠানত সহযোগিতা কৰাৰ বাবে মন্ত্ৰীজনে প্ৰশংসাৰে উপচাই পেলায় ৷ অনুষ্ঠানত ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকেও অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ শলাগ লয় মন্ত্ৰী গৰাকীয়ে (Rongali Tingkhang 2023)।

এই অনুষ্ঠানত দুপৰীয়া উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইয়াৰ পিছতে 'পূৰ্বোত্তৰৰ প্ৰতিধ্বনি' শীৰ্ষক সাহিত্য, সংস্কৃতি, শিক্ষা সম্পৰ্কীয় এক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ জেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামী, বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জী, নাগালেণ্ডৰ বিশিষ্ট লেখিকা ফেজিন ক'ন্যাক, নাট পৰিচালক ৰবিজিতা গগৈ, সমালোচক প্ৰদুন্ন গোস্বামী, অৰুণাচল প্ৰদেশৰ লোক সংগীত শিল্পী দেলং পাডুং, ঢোলৰ ওজা সোমনাথ বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানত ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ৰ কেইবাটাও দলে নৃত্য প্ৰদৰ্শন কৰে (Sarbananda Sonowal at Rangali Tingkhong 2023) ৷

উল্লেখযোগ্য যে, টিংখাং সাংস্কৃতিক মঞ্চ আৰু লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে উত্তৰ-পূৱৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰৰ এই বৰ্ণাঢ্য আয়োজন ৷ 4 মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী-TINGKHANG 2023 কাৰ্যসূচীক লৈ উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত ।

লগতে পঢ়ক: Rongali Tingkhang 2023 : TINGKHANG 2023ত ৰাজ্যৰ ক্ৰীড়া তাৰকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.