তিনিচুকীয়া,9 জানুৱাৰীঃ ডিব্ৰুগড় জিলাৰ মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনৰ শনিবাৰে অন্ত পৰে । ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ আজি অন্তিম দিনটোত এক বৃহৎ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দিনটোৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয় । অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিভিন্ন প্ৰান্তৰ পৰা আহি হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে সাংস্কৃতিক শোভাযাত্ৰাত ।
উল্লেখ্য যে, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতীয়-জনগোষ্ঠীৰ সাংস্কৃতিক দলে যোগদান কৰি মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰৰ পৰা মৰাণ নগৰলৈ শোভাযাত্ৰা কৰে । সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰাৰ লগে লগে মুকলি সভা আয়োজন কৰি প্ৰতিনিধি সভাত নিৰ্বাচন কৰা ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতিখনৰ সকলো বিষয়-ববীয়াৰ নামসমূহ নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ৰাজহুৱাকৈ অৱগত কৰে ।
ৰাইজৰ দলৰ মুখ্য উপদেষ্টা- ড° হীৰেণ গোহাঁই, উপদেষ্টা মণ্ডলী- উদয়াদিত্য ভৰালী, ড° সীতানাথ লহকৰ, ইন্দ্ৰানী দত্ত, ড° ঘনশ্যাম নাথ, হাফিজ বচিৰ চৌধুৰী, সঞ্জয় কুমাৰ তাঁতী ৷ উপ সভাপতি- সুমিত্রা হাজৰিকা, মোহিনী মোহন লিগিৰা, কমল কুমাৰ মেধি, ৰাছেল হুছেইন, দীপক শইকীয়া, ৰঞ্জিত তামুলী, ডাক্তৰ হৰিকান্ত দাস, চৰণ ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মণ, ফণী টায়েঙ (পূৰ্বৰ বিধায়ক), অনিল বড়ো, ভবেন বৰুৱা (পূৰ্বৰ বিধায়ক, চাবুৱা), টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা, পুলিন ভট্টাচাৰ্য ৷
সভাপতি- অখিল গগৈ, কাৰ্যকৰী সভাপতি- ভাস্কো ডি শইকীয়া, কবিন্দ্ৰ চেতিয়া ফুকন, জিতুল ডেকা ৷ সাধাৰণ সম্পাদক- মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ চাহজাহান, ৰুবুল দাস, গিৰি শংকৰ গোস্বামী, অংকুৰ শইকীয়া, আলোক নাথ, লোহিত গগৈ, দিৱস ফুকন জাহিৰুদ্দিন লস্কৰ (বৰাক) ৷
সম্পাদক- দীপাংকৰ কলিতা, জেৰিফা ৱাহিদ, প্ৰবীণ দাস, দীপক তাঁতী, ভবেন সন্দিকৈ, দধিচাৰ ফাংচু (আমৰি কাৰ্বি ছাত্ৰ সন্থা), ৰত্নেশ্বৰ দেউৰী (তিৱা ছাত্ৰ সন্থাৰ পৰা), নবদ্বীপ বৰা, সম্বিত শৰ্মা, ধ্ৰুৱজ্যোতি ফুকন, অনুপ জ্যোতি শইকীয়া, অনুপম বৰুৱা, (LDP) কৃষ্ণা শৰ্মা, দিগন্ত চাংমাই, আজমল হুছেইন, আশ্ৰাফুল ইছলাম, আব্দুল ৱাহব (বৰাক), দিলোৱাৰা চৌধুৰী ৷
সহ সম্পাদক- আনিচুৰ ৰহমান, ৰুবুল বুঢ়াগোহাঁই, পদ্মকান্ত দাস, জয়ন্ত কুমাৰ দাস, চাহজাহান আলী, দাদুল আলী, প্ৰদীপ বৰুৱা, চিফুজ্বল বসুমতাৰী, যুগল জ্যোতি গগৈ, চেৰাম হৰজিত সিং (কাছাৰ), দিলীপ কুমাৰ শৰ্মা, এবাদুৰ ৰহমান ৷
সাংগঠনিক সম্পাদক- হেমন্ত সূত, মনিৰুজ জামান, ৰবি শইকীয়া চুতীয়া, পার্থ সাৰথি শইকীয়া, চিত্ৰ গগৈ, আমজাদ আলী সিকদাৰ, হীৰেন ফুকন, চক্ৰধৰ ডেকা, ৰঞ্জিত দত্ত, মমি চৌধুৰী, ললিত চেতিয়া, এম এ হাজৰিকা ৷ মুখপাত্ৰ- জ্ঞানশ্ৰী বৰা, বিত্ত সমিতিৰ সভাপতি- ড° ঘনশ্যাম নাথ, তথ্য আৰু প্ৰচাৰ সম্পাদক- দেবাংগ সৌৰভ গগৈ, মোজামিল হক, কাৰ্য্যালয় সম্পাদক- চিন্ময় বৰা, কাৰ্যনিৰ্বাহক- প্ৰভাত বৈষ্ণৱ আৰু প্ৰতিখন জিলাৰ পৰা এজনকৈ থাকিব
লগতে পঢ়কঃ বন-ৰাজহ বিভাগৰ চকু থলুৱা অসমীয়া ব্যৱসায়ীৰ ম্যাদী পট্টাৰ ভূমিত