ETV Bharat / state

কমল কুমাৰ মেধি হ'ব নেকি "ৰাইজৰ দল"ৰ সভাপতি ? - 'ৰাইজৰ দল'ৰ ৰাজ্য়িক অভিৱৰ্তন

মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে অসমৰ নতুনকৈ ঘোষণা হোৱা আঞ্চলিক দল 'ৰাইজৰ দল'ৰ ৰাজ্য়িক অভিৱৰ্তন । অভিৱৰ্তনত "ৰাইজৰ দল"ৰ কেন্দ্ৰীয় সমিতিৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা হ'ব । অখিল গগৈৰ অনুপস্থিতিত কোনে দায়িত্ব ল'ব দলটোৰ সভাপতিৰ, তাকলৈ বিভিন্ন মহলত চৰ্চা অব্য়াহত ।

কমল কুমাৰ মেধি হ'ব নেকি "ৰাইজৰ দল"ৰ সভাপতি ?

author img

By

Published : Jan 8, 2021, 12:29 PM IST

Updated : Jan 9, 2021, 8:12 PM IST

মৰাণ, ৮ জানুৱাৰী : বৃহস্পতিবাৰৰ পৰা মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে অসমৰ নতুনকৈ ঘোষণা হোৱা আঞ্চলিক দল 'ৰাইজৰ দল'ৰ ৰাজ্য়িক অভিৱৰ্তন । অভিৱৰ্তনত ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ পৰা দলটোৰ হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰিছে । সকলো সমৰ্থকৰে এটাই আশা আছিল কৃষক নেতা অখিল গগৈ জেলৰ পৰা ওলাই দলটোৰ নেতৃত্ব ল'ব । কিন্তু অখিল গগৈৰ জামিন নাকচৰ পিছতে এতিয়া দলৰ কৰ্মীসকলৰ আশা প্ৰত্য়াশাত বাধা আহি পৰা দেখিবলৈ পোৱা গৈছে । বহু স্থানত হোৱা প্ৰতিবাদৰ সমান্তৰালকৈ অভিৱৰ্তনৰ মজিয়াটো অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিছে তেওঁৰ সমৰ্থকে ।

ভাস্কো ডি শইকীয়াক সম্পাদকৰ দায়িত্ব দিয়াৰ সম্ভাৱনা

অখিল গগৈৰ জামিন নাকচৰ পিছতে বহু সমৰ্থক নিৰাশ হৈছে যদিও 'ৰাইজৰ দল'ৰ বাবে আন এক নতুন খবৰ সম্প্ৰতি চৰ্চালৈ আহিছে । অখিল গগৈৰ অনুপস্থিতিত তেওঁৰ প্ৰাক্তন সতীৰ্থ তথা শেহতীয়াকৈ কংগ্ৰেছ দল ত্য়াগ কৰা কমল কুমাৰ মেধিয়ে দলটোৰ সভাপতিৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে । অৱশ্য়ে কোনো আনুস্থানিক ঘোষণা নহলেও শুকুৰবাৰৰ অভিৱৰ্তনৰ অন্তত এই বিষয়ে দলে স্পষ্ট কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইফালে দলটোৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা ভাস্কো ডি শইকীয়াক সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে বিশিষ্ট শিক্ষাবিদ তথা বুদ্ধিজীৱি ড° হীৰেন গোহাঁই মুখ্য উপদেষ্টা হিচাপে থকাৰ এক খবৰো সম্প্ৰতি চৰ্চাত আছে । বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে অভিৱৰ্তনৰ তৃতীয় দিনা অৰ্থাৎ শনিবাৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা হোৱাৰ লগে লগে দলটোৰ নেতৃত্বৰ নাম ৰাজহুৱা হ'ব ।

উল্লেখ্য যে, অভিৱৰ্তনৰ প্ৰথম দিনা সন্ধিয়া ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে প্ৰতিনিধি সভাত অংশ লৈ দলটোৰ ভবিষ্যতৰ কৰ্মপন্থা সন্দৰ্ভত আলোচনা কৰে ।

লগতে পঢ়ক :আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ

Last Updated : Jan 9, 2021, 8:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.