মৰাণ,6 ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰাৰ উদ্যোগত আৰু নামদাং বনাঞ্চলৰ জনজাতি বনগাঁওবাসী সমূহ ৰাইজৰ সহযোগত মেছলৌ ভৰালী টঙীয়া গাঁৱত বন অধিকাৰ আইন, ২০০৬ ৰ ওপৰত আলোচনাৰ বাবে শনিবাৰে এক বিশেষ ৰাইজ মেল অনুষ্ঠিত হয় ৷
![ডিব্ৰুগড়ৰ মেছলৌ ভৰালী টঙীয়া গাঁৱত বন অধিকাৰ আইন ২০০৬ৰ বিশেষ আলোচনা চক্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-807to8011-raijmelatmeslowbharalitangiagaonofdibrugarh-as10031_06122020171119_0612f_1607254879_875.jpg)
উল্লেখযোগ্য যে মূলত ভোগালী পথাৰ বনগাঁও, পানধোৱা বনগাঁও, মেছলৌ ভৰালী টঙীয়া গাঁও, বালিজান টঙীয়া গাঁও, কৃষিপাম নিগম গাঁৱৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত গাঁও কেইখনৰ বাসিন্দাসকলৰ ভূমিৰ অধিকাৰ আৰু সীমাৰ সৈতে জড়িত কেতবোৰ সমস্যাৰ বাবে গাঁওবাসীয়ে সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাত সকলোৰে সমস্যাৰ শুনানি লোৱাৰ পিছত ৰাইজৰ সুবিধাৰ্থে অঞ্চলটোত বন বিভাগ আৰু ৰাজহ চক্ৰ বিভাগৰ সহযোগত এক যুটীয়া জৰীপ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷
![ডিব্ৰুগড়ৰ মেছলৌ ভৰালী টঙীয়া গাঁৱত বন অধিকাৰ আইন ২০০৬ৰ বিশেষ আলোচনা চক্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-807to8011-raijmelatmeslowbharalitangiagaonofdibrugarh-as10031_06122020171119_0612f_1607254879_67.jpg)
ইপিনে সভাত অইল ইণ্ডিয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত উক্ত অঞ্চলত হাতত লোৱা আঁচনিৰ অগ্ৰগতিৰো খতিয়ান লোৱা হয় ৷ সভাত টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, মৰাণৰ ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰা, বন বিভাগৰ বিষয়ববীয়া আৰু অন্যান্যসকল উপস্থিত থাকে ৷
![ডিব্ৰুগড়ৰ মেছলৌ ভৰালী টঙীয়া গাঁৱত বন অধিকাৰ আইন ২০০৬ৰ বিশেষ আলোচনা চক্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-807to8011-raijmelatmeslowbharalitangiagaonofdibrugarh-as10031_06122020171119_0612f_1607254879_1004.jpg)