মৰাণ, ৫ জুন : ক'ভিড ভয়াৱহতাৰ মাজতে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত সকলোৱে পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) । বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে নাহৰকটীয়াৰ বাঁহধাৰী গাঁৱত উদ্ধাৰ এটা দুস্প্ৰাপ্য অজগৰ । বাঁহধাৰী গাঁৱৰ ফুনাই হাজৰিকা নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈছিল অজগৰটোৱে ৷
![python rescued](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8024to8028-pythonrescuedatnaharkatia-as10031_05062021130044_0506f_1622878244_869.jpg)
স্থানীয় ৰাইজে অজগৰটো প্ৰত্যক্ষ কৰাৰ পিছতে ৰুবুল মজুমদাৰ নামৰ সাপ উদ্ধাৰকাৰী যুৱকজনক খবৰ দিয়ে । যুৱকজন সেই স্থানত উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে বন বিভাগক হস্তান্তৰ কৰা হয় অজগৰটো ।
লগতে পঢ়ক:লেটেকুজান আৰু বকিয়াল চাহ বাগিচাত টীকাকৰণ অভিযান আৰম্ভ