টিংখাং,৯ আগষ্ট: টিংখাঙৰ বৰহোলাত মন্ত্ৰী বিমল বড়াৰ বিৰুদ্ধে একাংশ লোকে অপপ্ৰচাৰ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে(People are conspiring over Bimal Bora) । বৰহোলা জ্ঞানোদয় সংঘত প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত হৈ এক সংবাদমেল যোগে এই অভিযোগ উত্থাপিত কৰে । অভিযোগ অনুসৰি বৰহোলা পানধৰা আলি নামৰ প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ জৰাজীৰ্ণতাৰ সন্দৰ্ভত একাংশ প্ৰচাৰ মাধ্যমত বাতৰি পৰিৱেশন কৰোতে উক্ত অঞ্চলৰে একাংশ লোকে ভাষ্যত মন্ত্ৰী বিমল বড়াৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল ।
যাক লৈ গাঁওখনৰ অন্য একাংশ লোকে এয়া এক উদ্দেশ্য প্ৰণোদিত ভাষ্য বুলি সংবাদমেলত মন্তব্য কৰে । সংবাদমেলখনত উপস্থিত ৰাইজে অভিযোগ তুলি এয়া মন্ত্ৰীজনৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে । যিটো পথক লৈ মন্ত্ৰীজনৰ বিৰুদ্ধে কটু বাক্য কৰিছে সেই পথটোৰ মেৰামতিৰ বাবে যাৱতীয় সকলো কাম হৈ আছে বুলি উল্লেখ কৰি মন্ত্ৰীজনে উক্ত গাঁওখনত ইতিমধ্যে মাটি পট্টাও প্ৰদান কৰিছে বুলি একাংশই সংবাদমেলখনত উল্লেখ কৰে ।
লগতে পঢ়ক: Independence day 2022: কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ?