মৰাণ,7 অক্টোবৰ: মৰাণত বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যুৱ কংগ্ৰেছে ৷ বুধবাৰে মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰা হয় এক অভিনৱ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন বাতিল,নিবনুৱা যুৱকক সংস্থাপন,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস,অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত চিআইডিৰ তদন্তৰ দাবীত যুৱ হুংকাৰ শীৰ্ষক কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ।
প্ৰতিবাদকাৰীসকলে ডিঙিত আলু-পিয়াজৰ মালা পিন্ধি ৰাজপথত পকৰী ভাজি এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সদস্যসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গানৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
লগতে চাওকঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কোকৰাঝাৰত বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল