টিংখাঙ, 11 ডিচেম্বৰ: তীব্ৰতৰ হৈ পৰিছে কেব বিৰোধী প্ৰতিবাদ ৷ ক'ৰবাত যদি টায়াৰ জ্বলাই প্ৰতিবাদ, ক'ৰবাত কোনোৱে অকলেই ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ, ক'ৰবাত আকৌ একাংশই নিজৰ তেজেৰে কেব বিৰোধী শ্লোগান লিখি কৰিছে প্ৰতিবাদ আনহাতে ক'ৰবাত দেখা গ'ল প্ৰতিবাদী জোৰ সমদল ৷ এনেদৰে বিভিন্ন পন্থাৰে কেব বিৰোধী প্ৰতিবাদে উত্তাল কৰিছে ৰাজ্য ৷
এইবাৰ মুণ্ডন কৰি অৰ্ধ উলংগ অৱস্থাত প্ৰতিবাদ কৰিলে টিংখাঙত ৷ টাই আহোম ছাত্ৰ সন্থা আঞ্চলিক সমিতিৰ উদ্যোগত টিংখাঙৰ নমাতি তিনিআলিৰ পৰা নাহৰণিলৈকে বাহিৰ কৰা হয় এক বিশাল প্ৰতিবাদী সমদল ৷ প্ৰতিবাদ কাৰ্যসূচীত অঞ্চলটোৰ হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰি কেব বিৰোধী শ্লগানেৰে উত্তাল কৰে পৰিৱেশ ৷
লগতে পঢ়ক: ১৪৪ ধাৰাকো নেউচি কেবৰ বিৰুদ্ধে অসমীয়াৰ প্ৰতিবাদ: আহত আছু কৰ্মী