ETV Bharat / state

Protest in Maran: মৰাণত ধূলিয়ে মাতিছে বিপদ, পথ অৱৰোধ কৰি প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:29 PM IST

মৰাণত ধূলিৰ বাবেই মৰাণ-নাহৰকটীয়া সংযোগী ৰাজপথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ । নিৰ্মাণৰত পথত পানী নিদিয়াৰ ফলত সৃষ্টি হোৱা ধূলিৰ বাবে চৰম যাতনা ভোগ কৰিবৰলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে । সেয়ে শীঘ্ৰে এই সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰে প্ৰতিবাদ ।

Protest by blocking road in Maran
মৰাণত ধূলিয়ে মাতিছে বিপদ, পথ অৱৰোধ কৰি প্ৰতিবাদ

মৰাণ,২৭ অক্টোবৰ: ৰাজ্যৰ জৰাজীৰ্ণ বাট-পথে জ্বলা-কলা খুৱাই আহিছে বিভিন্ন প্ৰান্তৰ ৰাইজক । ইয়াৰ মাজতে ৰাজ্যৰ বেয়া অৱস্থাত থকা পথসমূহ নিৰ্মাণ কৰি ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিছে চৰকাৰে । ৰাজ্য চৰকাৰৰ অসম মালা আঁচনিৰ জৰিয়তে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণৰ নাহৰকটীয়াটো অব্যাহত আছে পথ নিৰ্মাণ কাৰ্য । পিছে পথ নিৰ্মাণ কাৰ্যই বিপদত পেলাইছে এক বিস্তীৰ্ণ অঞ্চলৰ ৰাইজক । নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ ফলতে যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজে । ইয়াৰোপৰি আন এক সমস্যাই দুৰ্ভোগ ভোগাইছে অঞ্চলটোৰ ৰাইজক ।

জানিব পৰা মতে নিৰ্মাণৰত অৱস্থাত থকা পথটোত নিয়মিতভাৱে পানী নিদিয়াৰ ফলতে ভয়ংকৰ ধূলিময় পৰিৱেশৰ সৃষ্টি হোৱাত যাতায়তৰ অনুপযোগী হৈ পৰিছে । সেয়ে ধূলিৰ বাবে সৃষ্টি হোৱা সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে মৰাণত ৰাজপথ অৱৰোধ কৰে ৰাইজে । মৰাণৰ ডোমৰদলঙত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । চুতীয়া জাতি যুৱ সন্মিলন মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয়ৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পথ অৱৰোধত ভাগ লয় ।

নিৰ্মীয়মান মৰাণ-নাহৰকটীয়া সংযোগী পথটো অতি ধূলিময় হোৱাৰ বাবে ঠিকাদাৰ প্ৰতিষ্ঠানে কোনো পদক্ষেপ নোলোৱাৰ বাবেই এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৰাইজ । অসম মালা আঁচনিৰ অধীনত কাম অব্যাহত থকা পথচোৱাত সৃষ্টি হোৱা অতিশয় ধূলিৰ বাবে স্থানীয় বাসিন্দা অসুস্থ হোৱাৰ অভিযোগ উঠিছে । ঠিকাদাৰ প্ৰতিষ্ঠানে পথটোত দৈনিক পানী চটিওৱাৰ দাবী স্থানীয় লোকৰ । প্ৰায় ২ ঘণ্টা ধৰি অব্যাহত ৰখা অৱৰোধ আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ৰাইজে অৱৰোধ উঠাই লয় ।

লগতে পঢ়ক: Danger in NHPC: সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পাহাৰ খহি শুকাল সোৱণশিৰি নদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.