ETV Bharat / state

অবৈধ সম্পৰ্ক ৰখা প্ৰবক্তা আৰু কৰ্মচাৰী প্ৰৱেশ নিষিদ্ধ কৰিলে মহাবিদ্যালয়ৰ ছাত্ৰীয়ে

পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভা আৰু মহাবিদ্যালয়ৰে আছু গোটৰ উদ্যোগত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ লগত অবৈধ সম্পৰ্ক ৰখা বিতৰ্কিত প্ৰবক্তা প্ৰমোদ লাহনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ

author img

By

Published : Aug 5, 2019, 5:23 PM IST

খোৱাঙত অনৈতিক কাৰ্যত লিপ্ত থকা প্ৰবক্তা আৰু কৰ্মচাৰী প্ৰৱেশ নিষিদ্ধ কৰিলে মহাবিদ্যালয়ৰ ছাত্ৰীয়ে

ডিব্ৰুগড়, 5 আগষ্ট : পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভা আৰু মহাবিদ্যালয়ৰে আছু গোটৰ উদ্যোগত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ লগত অবৈধ সম্পৰ্ক ৰখা বিতৰ্কিত প্ৰবক্তা প্ৰমোদ লাহনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৷ আছু গোট আৰু ছাত্ৰী একতা সভাই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী কৰে যে মহাবিদ্যালয়ৰ বিতৰ্কিত প্ৰবক্তা প্ৰমোদ লাহন আৰু চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ৰেণু চুতীয়া শইকীয়াক মহাবিদ্যালয়ৰ পৰা বদলি নকৰা পৰ্যন্ত প্ৰবেশ নিষিদ্ধ বুলি ঘোষণা কৰাৰ লগতে ভবিষ্যতে যদি মহাবিদ্যালয়ত প্ৰবেশ কৰিবলৈ চেষ্টা কৰে তেন্তে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি হুংকাৰ দিয়ে ।

খোৱাঙত অনৈতিক কাৰ্যত লিপ্ত থকা প্ৰবক্তা আৰু কৰ্মচাৰী প্ৰৱেশ নিষিদ্ধ কৰিলে মহাবিদ্যালয়ৰ ছাত্ৰীয়ে

প্পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিষয়ৰ প্ৰবক্তা প্ৰমোদ লাহন নামৰ প্ৰবক্তাজনে চাকৰিৰ সূত্ৰে একেখন মহাবিদ্যালয়ৰ ৰেণুু চুতীয়া শইকীয়া নামৰ এগৰাকী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি মহিলা গৰাকীৰ সৈতে এক অনৈতিক কাৰ্য কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ কিন্তু উক্ত সম্পৰ্কৰ বিষয়ে জ্ঞাত হৈ প্ৰবক্তা গৰাকীৰ পৰিয়ালৰ লোকে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ ৷ পৰিয়ালৰ লোকে প্ৰৱক্তা গৰাকীক মাৰপিট কৰাৰ লগতে মহিলা গৰাকীৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে । পাছত খোৱাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰাৰ লগতে দুয়োকে থানালৈ লৈ আনে । আছুৰ ডিব্ৰুগড় জিলাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোঁৱৰে জানিবলৈ দিয়া মতে, মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ যাতে বিনস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰবক্তা গৰাকীক মহাবিদ্যালয় খনৰ পৰা বৰ্খাস্ত কৰিবৰ বাবে বিশ্ববিদ্যালৰ উপাচাৰ্যৰ লগতে শিক্ষামন্ত্ৰীলৈ পৃথকে পৃথকে একোখনকৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছিল আছুৰ তৰফৰ পৰা ৷ কিন্তু ইমানৰ পাছতো উক্ত প্ৰবক্তা আৰু মহিলা কৰ্মচাৰী গৰাকীৰ বিৰূদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সোমবাৰে এই প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হয় সংগঠনটোৱে ৷

Intro:
ডিব্ৰুগড় খোৱাং পিথুবৰ স্নাতক মহিলা মহাবিদ্যালয়ৰ ৰেণু় চুতীয়া শইকীয়া নামৰ এগৰাকী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰে একে মহাবিদ্যালয়ৰে প্ৰমোদ লাহন নামৰ এজন অৰ্থনৈতিক বিজ্ঞান বিষয়ৰ প্ৰবক্তাৰ অনৈতিক কাৰ্যত লিপ্ত থকাৰ সন্দেহত কিছুদিন ধৰি মহাবিদ্যালয় খনৰ লগতে খোৱাং অঞ্চলটোত উত্তেজনা সৃষ্টি কৰাৰ ওপৰিও সচেতন মহলৰ মাজত বিষয়টো চৰ্চিত হৈ পৰিছিল । ইয়াৰ পাছতে আজি পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভা আৰু পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয় আছু গোটৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।আছু গোট আৰু ছাত্ৰী একতা সভাই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী কৰে..... "মহাবিদ্যালয়ৰ বিতৰ্কিত প্ৰবক্তা প্ৰমোদ লাহন আৰু চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ৰেণু চুতীয়া শইকীয়াক মহাবিদ্যালয়ৰ পৰা বদলি নকৰা পৰ্যন্ত প্ৰবেশ নিষিদ্ধ বুলি ঘোষণা কৰাৰ লগতে ভবিষ্যতে যদি মহাবিদ্যালয়ত প্ৰবেশ কৰিবলৈ চেষ্টা কৰে তেন্তে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি হুংকাৰ দিয়ে ।" প্ৰাপ্ত খবৰ অনুসৰি শিৱসাগৰ গেলেকীৰ প্ৰমোদ লাহন নামৰ প্ৰবক্তাজনে চাকৰিৰ সূত্ৰে একেখন মহাবিদ্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি মহিলা গৰাকীৰ সৈতে এক অনৈতিক কাৰ্য বহু দিনৰে পৰা চলাই আছিল বুলি সন্দেহ কৰিছিল ওচৰ চুবুৰিয়াই । কিছুদিন পূৰ্বে গাঁ‌ৱৰ একাংশ লোকে প্ৰবক্তাজনক এক সতৰ্ক বাণী শুনাওতে প্ৰবক্তাজনে ভুৱা নথি পত্ৰ গাঁ‌ৱৰ লোক সকলক দেখুৱাই মহিলা গৰাকীক আইনৰ মতে বিয়া কৰোৱাইছো বুলি আভুৱা ভাৰে । পিছত প্ৰবক্তা গৰাকীৰ পৰিয়ালৰ লোক খোৱাং চাৰিআলিস্থ মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । পৰিয়ালৰ লোকে প্ৰৱক্তা গৰাকীক মাৰপিট কৰাৰ লগতে মহিলা গৰাকীৰ ঘৰৰ ভিতৰৰ আচবাবো ভাঙি লণ্ড-ভণ্ড কৰে । পিছত খোৱাং আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰাৰ লগতে দুয়োকে থানালৈ লৈ আনে । ইফালে নিজ পত্নীয়ে প্ৰবক্তা গৰাকীৰ দুটি সন্তান আছে বুলিও জানিবলৈ দিছিল সাংবাদিকৰ আগত । ঘটনা ৰাজহুৱা হোৱাৰ পাছতে খোৱাং আছুৰ এটা দলে মহিলা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ লগতে প্ৰবক্তা গৰাকীৰ ওপৰত এক শাস্তিমূলক ব্যৱস্থা লোৱাৰো দাবী উত্থাপন কৰিছিল । আনহাতে আছুৰ ডিব্ৰুগড় জিলাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোঁ‌ৱৰে জানিবলৈ দিয়া মতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ যাতে বিনস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰবক্তা গৰাকীক মহাবিদ্যালয় খনৰ পৰা বৰ্খাস্ত কৰিবৰ বাবে বিশ্ববিদ্যালৰ উপাচাৰ্যৰ লগতে শিক্ষামন্ত্ৰীলৈ আছুৰ তৰফৰ পৰা পৃথকে পৃথকে একোখনকৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছিল যদিও ঘটনা ৰাজহুৱা হোৱা এটা সপ্তাহ পাৰ হোৱা পাছতো মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই সুসভ্য সমাজক লজ্জানত কৰা কাৰ্য্যৰ লগত জড়িত থকা প্ৰবক্তা আৰু মহিলা কৰ্মচাৰী গৰাকীৰ বিৰূদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত মহাবিদ্যালয়ৰ ছাত্ৰী সকলৰ লগতে সচেতন ৰাইজ ক্ষোভিত হৈ পৰিছেBody:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.