ETV Bharat / state

টিংখাঙত কা বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল সম্বোধন

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে কা বিৰোধী ঐক্য মঞ্চই । সংবাদমেলখনৰ জৰিয়তে সংগঠনটোৰ সম্পাদক বিপ্লৱ বৰুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক গ্ৰেপ্তাৰ কৰা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে ।

Pressmeet of Oikyo mancha tingkhong dibrugarh assam etv bharat news
সংবাদমেল সম্বোধন
author img

By

Published : Aug 4, 2020, 9:01 PM IST

টিংখাং,4 আগষ্ট: ডিব্ৰুগড়ৰ টিংখাঙৰ ৰাজগড় যুৰীয়া আইথানত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে কা বিৰোধী ঐক্য মঞ্চই । মঞ্চৰ সহ সম্পাদক বলীন্দ্ৰ শইকীয়াই আঁত ধৰা সংবাদমেলখনত বলদেৱ তেলীক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰে ৷ লগতে উক্ত ঘটনাৰ তদন্তৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়, আৰক্ষী দায়বদ্ধতা আয়োগ, মানৱ অধিকাৰ আয়োগ আৰু অসম চৰকাৰৰ মুখ্য সচিবলৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰে মঞ্চই ।

কা বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল সম্বোধন

সংগঠনটোৰ সম্পাদক বিপ্লৱ বৰুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক গ্ৰেপ্তাৰ কৰা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে । এই প্ৰসংগত বৰুৱাই কয়, যদি নামঘৰত চাকি জ্বলোৱাৰ যোগেদি আইন ভংগ কৰা হৈছে তেন্তে সমষ্টিৰ বিধায়ক বিমল বড়া একেটা দোষতে দোষী সাব্যস্ত হ’ব । কিন্তু ইয়াৰ পিছতো বিধায়ক গৰাকীক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই সেয়া ৰহস্যজনক ৷ সংবাদমেলত মঞ্চৰ সহঃ সম্পাদক বলদেৱ তেলী, উপ-সভানেত্ৰী দুৰ্গাৱতী সোনা, সহ সম্পাদক নিতুল বৰুৱা আৰু মন্তু দিহিংগীয়া আদি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

লগতে চাওকঃ চিৰাঙৰ প্ৰথমগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.