ETV Bharat / state

পহিলা ব'হাগত ৰাজ্য়বাসীক সম্বোধন মুখ্যমন্ত্ৰীৰ - সৰ্বানন্দ সোণোৱাল

পহিলা ব'হাগৰ দিনটোতে অসমবাসীক উদ্দেশ্যি ডিব্ৰুগড়স্থিত বাসগৃহৰ পৰা সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । সংবাদমেলযোগে কৰ'ণা ভাইৰাছে সৃষ্টি কৰিব পৰা যিকোনো প্ৰত্যাহ্বানৰ বাবে ৰাজ্য চৰকাৰ সাজু বুলি অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

pressmeet by chief minister sarbananda sonowal in dibrugarh

author img

By

Published : Apr 14, 2020, 4:25 PM IST

ডিব্ৰুগড়, 14 এপ্ৰিলঃ ডিব্ৰুগড়স্থিত বাসগৃহত মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল সম্বোধন । সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰে । অহা 3 মে' পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোকে লক ডাউন মানি চলিবলৈয়ো আহ্বান জনায় সৰ্বানন্দ সোণোৱালে । ইয়াৰোপৰি কৰ'ণা ভাইৰাছ বিৰোধী যুঁজত সন্মুখৰ পৰা যুঁজ দিয়া সমূহ সাংবাদিক, স্বাস্থ্যকৰ্মী, আৰক্ষী, চাফাই কৰ্মী, যোগান বিভাগ, শক্তি বিভাগ, অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি জৰুৰীকালীন সেৱাত জড়িত হৈ থকা সকলো লোককে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে জনসাধাৰণকো তেওঁলোকৰ প্ৰতি সন্মান জনাবলৈ আহ্বান জনায় । বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতবৰ্ষ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে আমাৰ দেশ সুৰক্ষিত হৈ আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

পহিলা ব'হাগত অসমবাসীক উদ্দেশ্যি সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ

যেতিয়ালৈকে এই ৰোগৰ ভেকচিন আৱিস্কাৰ নহয় তেতিয়ালৈকে আগন্তুত দিনটো সকলোকে দৃঢ়তাৰে সামাজিক দূৰত্ব বৰ্তাই ৰাখি, নিজকে নিৰোগী কৰি ৰাখি সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সংকল্প ল'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আগন্তক 3 মে' পৰ্যন্ত বলবৎ কৰা লক ডাউন কাৰ্যসূচীক কোনোৱে উপলুঙা নকৰাকৈ যাতে গম্ভীৰ বিষয় হিচাপে লয় তাৰ বাবেও অনুৰোধ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে, অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক য'তে আছে তাতেই থাকি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় । ইয়াৰোপৰি বছৰৰ নতুন দিনটোত সকলোকে নিজৰ ঘৰতে এগছি বন্তি জ্বলাই অসমবাসীৰ বাবে প্ৰাৰ্থনা কৰবলৈ আহ্বান জনোৱাৰ লগতে, বুধবাৰে আহিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন মতে অসম চৰকাৰ পৰিচালিত হৈ অসমৰ ৰাইজক নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

কৰ'ণা ভাইৰাছে সৃষ্টি কৰিব পৰা যিকোনো প্ৰত্যাহ্বানৰ বাবে ৰাজ্য চৰকাৰ প্ৰস্তুত

লগতে পঢ়কঃ কোন কোন অসমীয়া তাৰকাই ৰাইজক জনালে ৰঙালীৰ শুভকামনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.