ETV Bharat / state

Constituency Delimitation:মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱক আদৰণি জ্যেষ্ঠ নাগৰিকৰ - constituency delimitation

ৰাজ্য চৰকাৰে মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱ প্ৰেৰণক লৈ খোৱাঙত জ্যেষ্ঠ নাগৰিকৰ সংবাদমেল । মৰাণ জনগোষ্ঠীক লৈ মৰাণ সমষ্টিৰ নাম বাহাল ৰাখিব লাগে বুলি তোলা দাবীৰ কোনো যুক্তিযুক্ততা নাই বুলি সংবাদমেলত মন্তব্য জ্যেষ্ঠ নাগৰিকৰ ।

constituency delimitation
মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱ
author img

By

Published : Jul 19, 2023, 6:57 PM IST

মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱ

মৰাণ, ১৯ জুলাই : ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যত আৰম্ভ হোৱা তীব্ৰ প্ৰতিবাদ অব্য়াহত । কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত বহু কেইটা সমষ্টি বিলুপ্তিককৰণৰ কৰিলে নিৰ্বাচন আয়োগে । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকা সময়তে নিৰ্বাচন আয়োগলৈ অসম চৰকাৰে মৰাণ সমষ্টিৰ নাম সলনি কৰি খোৱাং কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ ব্যৱস্থা লোৱাৰ পিছতে এক প্ৰকাৰৰ আনন্দৰ লহৰ উঠিছে খোৱাঙত । বুধবাৰে খোৱাং অঞ্চলৰ বহু সংখ্যক জ্যেষ্ঠ নাগৰিক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি অনুষ্ঠিত কৰে এক ৰাজহুৱা সভা ।

খোৱাং চাৰিআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত খোৱাঙৰ জ্যেষ্ঠ নাগৰিকৰ লগতে বৰবৰুৱা উন্নয়ন সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া আৰু টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসমৰ বিষয়ববীয়া উপস্থিত থাকে । এই ৰাজহুৱা সভাখনৰ পিছতে জ্যেষ্ঠ নাগৰিক সকলে এক সংবাদমেলৰ আয়োজন কৰে ।

উক্ত সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে জ্যেষ্ঠ নাগৰিকসকল । তেওঁলোকে মুখ্যমন্ত্ৰীলৈ ধন্যবাদসূচক এক প্ৰস্তাৱ প্ৰেৰণৰ ব্যৱস্থা জিলা আয়ুক্তৰ যোগেদি কৰিব বুলি উল্লেখ কৰে । ইফালে, মৰাণ জনজাতিক লৈ মৰাণ সমষ্টিৰ নাম বাহাল ৰাখিব লাগে বুলি একাংশই তোলা দাবীৰ কোনো যুক্তিযুক্ততা নাই বুলি সংবাদমেলত মন্তব্য কৰে কেইবাগৰাকী বক্তাই ।

উল্লেখ্য় যে একেখন সংবাদমেলতে বৰবৰুৱা সমষ্টি হ'ব লাগে বুলি দাবী তোলা বৰবৰুৱা উন্নয়ন সমিতিৰ দুই কৰ্মকৰ্তা ক্ৰমে দীপক শইকীয়া আৰু পূণ্যনাথ পাংগিঙে খোৱাং সমষ্টি কৰিব লাগে বুলি দিয়া প্ৰস্তাৱক আদৰণি জনায় । দীপক শইকীয়াই খোৱাং সমষ্টি হ'লে মনে প্ৰাণে আদৰণি জনাম বুলি উল্লেখ কৰে লগতে পূণ্যনাথ পাংগিঙে বৰবৰুৱা সমষ্টিৰ বাবে তেওঁলোকে দাবী তুলিলেও খোৱাং সমষ্টি হ'লেও আপত্তি নাথাকিব বুলি উল্লেখ কৰে । কিয়নো বৰবৰুৱা উন্নয়ন সমিতিয়ে মৰাণ সমষ্টিটো বৰবৰুৱা সমষ্টি হ'ব লাগে বুলি দাবী জনাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল ।

লগতে পঢ়ক:Deuram Tasa Award 2023: সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ দেউৰাম তাছা স্মাৰক বঁটা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.