ETV Bharat / state

Assam Odia Yuva Parishad: আছা আৰু আটছাৰ মাজত সৃষ্টি হোৱা সংঘাত সন্দৰ্ভত অসম ওড়িয়া যুৱ পৰিষদৰ সংবাদমেল

author img

By

Published : Aug 20, 2023, 6:25 PM IST

আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত সৃষ্টি হোৱা সংঘাটক লৈ সংবাদমেল সম্বোধন অসম ওড়িয়া যুৱ পৰিষদৰ ৷ আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত সৃষ্টি হোৱা বিসম্বাদক লৈ যথেষ্ট শংকিত হৈ পৰিছে বুলি উল্লেখ কৰে ওড়িয়া যুৱ পৰিষদে ৷

Press Meet of Assam Odia Yuva Parishad
অসম ওড়িয়া যুৱ পৰিষদৰ সংবাদমেল
ডিব্ৰুগড়ৰ খনিকৰত অসম ওড়িয়া যুৱ পৰিষদৰ সংবাদমেল

ডিব্ৰুগড়, 20 আগষ্ট: ক্ৰমাৎ সংঘাত তুংগত উঠিছে আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত ৷ নিজৰ জনগোষ্ঠীৰ মৰ্যাদাৰ কথা প্ৰতিপন্ন কৰিবলৈ গৈ দুইটা সংগঠনৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত | শনিবাৰে ডিব্ৰুগড়ৰ লাহোৱালত এখন সভাত আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷

সভাৰ পৰা এক প্ৰকাৰ খেদি পঠোৱা হয় আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগক ৷ প্ৰকৃত বংশ উদ্ধাৰক লৈ আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত অব্যাহত থকাৰ বিসম্বাদী চিন্তাধাৰাক লৈ এতিয়া জনগোষ্ঠীটোৰ বিভিন্ন উপজাতিৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

দেওবাৰে ডিব্ৰুগড়ৰ খনিকৰত অনুষ্ঠিত হোৱা অসম ওড়িয়া যুৱ পৰিষদৰ এখন সংবাদমেলত আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত সৃষ্টি হোৱা বিসম্বাদক লৈ যথেষ্ট শংকিত হৈ পৰিছে বুলি উল্লেখ কৰে ওড়িয়া যুৱ পৰিষদে ৷

সংবাদমেলযোগে দুয়োটা সংগঠনকেই সংযম হ'বলৈ আহ্বান জনায় সংগঠনটোৱে ৷ লগতে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে সময়ে সময়ে চাহ জনগোষ্ঠীৰ বিভিন্ন উপজাতিসমূহক লৈ কৰি অহা তুচ্ছ-তাচ্ছিল্যসূচক মন্তব্য বন্ধ কৰিবলৈ দাবী জনাই সংগঠনৰ নেতৃত্বই ৷

প্ৰদীপ নাগে চাহ জনগোষ্ঠীৰ ভাই-ভনীসকলৰ মাজত বিভেদ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে ওড়িয়া যুৱ পৰিষদে ৷ লাহোৱালত শনিবাৰে দুয়োটা সংগঠনৰ মাজত সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে ওড়িয়া যুৱ পৰিষদে ৷

সম্প্ৰতি দুয়োটা সংগঠনৰ মাজত চলি থকা বিভেদ দূৰ কৰিবলৈ, এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীক এক ইতিবাচক প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ ওডি়য়া যুৱ পৰিষদে আহ্বান জনায় ৷ লগতে বৃহত্তৰ চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলক এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় ৷

সংবাদমেলত অসম ওড়িয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উমেশ দাস, সাধাৰণ সম্পাদক লক্ষীনাথ তাঁতী, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সাৰ্থনা কুমাৰ তাঁতী, সম্পাদক বিকাশ নন্দকে ধৰি অসম ওড়িয়া যুৱ পৰিষদৰ বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Tiloi Community Health Centre: মৰাণত চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে চিলালে কণমানি ৰোগীৰ আঘাতপ্ৰাপ্ত অংশ; ঘটনাক লৈ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.