ETV Bharat / state

AAP on Moina Nayak: ফাষ্টট্ৰেক আদালতত মইনা নায়কৰ দোষীক শাস্তি প্ৰদানৰ দাবী আপৰ

author img

By

Published : Jul 25, 2022, 8:25 PM IST

ডিব্ৰুগড়ৰ মইনা নায়ক আৰু শিৱসাগৰৰ ভানু ভূমিজৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ এখন সাংবাদমেল অনুষ্ঠিত কৰি দাবী জনায় আম আদমী পাৰ্টিয়ে (Press conference organize by AAP) ৷ দোষীক ব্যৱস্থা নল'লে আপে তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

Press meet by AAP on Moina Nayak and Bhanu Bhumij's issue
ফাষ্টট্ৰেক আদালতৰ জৰিয়তে মইনা নায়কৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী আপৰ

ডিব্ৰুগড়, 25 জুলাই: দেশত এগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰাক্ ক্ষণত অসমত আদিবাসী সমাজত সংঘটিত হোৱা দুটাকৈ নৃশংস ঘটনাক লৈ সৰৱ উঠিল আম আদমী পাৰ্টী । আপৰ মহিলা শক্তিৰ ৰাজ্যিক যুটীয়া সমন্বয়ক অনামিকা দাসে সোমবাৰে ডিব্ৰুগড়ৰ চিৰিং ডাইনিজানত এক সংবাদমেল অনুষ্ঠিত কৰি এই দুটা ঘটনাৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে (Press conference organize by AAP) ৷ ডিব্ৰুগড়ৰ মইনা নায়ক আৰু শিৱসাগৰৰ ভানু ভূমিজৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আপে (Press meet by AAP on Moina Nayak and Bhanu Bhumij issue) ।

লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়কক চিকিৎসা আৰু ক্ষতিপূৰণতে সীমাবদ্ধ ৰাখিলে নহ'ব বুলি মন্তব্য কৰে অনামিকা দাসে ৷ লগতে যিসকলৰ ভুলৰ বাবে এই ঘটনাটো সংঘটিত হ'ল তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইনী ব্যৱস্থা ল'ব লাগিব বুলি আপৰ মহিলা শক্তিৰ ৰাজ্যিক যুটীয়া সমন্বয়কগৰাকীয়ে উল্লেখ কৰে । তদুপৰি আন এগৰাকী আদিবাসী কিশোৰী ভানু ভূমিজক উচিত ন্যায় প্ৰদানৰো দাবী উত্থাপন কৰে আপই ।

আনহাতে, দোষীক কৰায়ক্ত কৰিলেই নহ'ব ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ শাস্তিৰ দাবী জনায় দলটোৱে ৷ ভানু ভূমিজৰ পৰিয়াল যথেষ্ট দৰিদ্ৰ । শিৱসাগৰৰ পৰা ভানু ভূমিজক পঢ়োৱাৰ সপোন দেখুৱাই যোৰহাটৰ বিতুপন ফুকনে নৃশংসভাৱে হত্যা কৰাৰ দৰে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনক সষ্টম হ'বলৈ আহ্বান জনায় আম আদমী পাৰ্টীয়ে ৷

ইফালে চৰকাৰৰ অৱহেলাৰ বাবে মইনাৰ জীৱন ঘূণীয়া হ'বলগীয়া হোৱাৰ কথা উল্লেখ কৰি আপৰ নেতৃত্বই মইনাক ক্ষতিপূৰণ দিয়েই দায়িত্ব সামৰিলে নহ'ব বুলি উল্লেখ কৰি দোষীক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও মন্তব্য কৰে (Demanded severe exemplary punishment for incidents of Moina Nayak) ৷ লেপেটকটা চাহ বাগিচা (Lepetkata Tea Estate) কৰ্তৃপক্ষই কাৰখানা আইন ১৯৪৮ ৰ ধাৰা ২২ উলংঘা কৰা হৈছে বুলি উল্লেখ কৰে ৰাজ্যিক যুটীয়া সমন্বয়কগৰাকীয়ে । এই ধাৰামতে কাৰখানাত মহিলা শ্ৰমিক নিয়োগ কৰিব নালাগে ।

তেনেস্থলত ইউনিফৰ্ম আৰু হেড কভাৰ পৰিধান নকৰাকৈ মহিলা শ্ৰমিকক নিয়োগ কৰি চৰম অপৰাধ কৰিছে বুলি অভিযোগ উত্থাপন কৰে আপৰ নেতৃত্বই (Moina Nayak Incident)। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ (Tea Estate owner close with CM) বাবেই লেপেটকটা চাহ বাগিচাৰ দোষীক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ তুলিছে আপৰ নেতৃত্বই । ইফালে দোষীক ব্যৱস্থা নল'লে আপে তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক: Pork controversy at Assam Sahitya Sabha: গাহৰি মাংস সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.