ETV Bharat / state

AIUDF ৰে লুৰিণজ্যোতি গগৈৰ গোপন বুজা বুজি আছে: সুভাষ দত্ত

বদৰুদ্দিন আজমলৰ এই আই ইউ ডি এফৰ প্ৰভাৱ থকা সমষ্টি সমূহত অসম জাতীয় পৰিষদে এজনো প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ নাম ঘোষণা নকৰাতো ৰহস্য জনক বুলি মন্তব্য কৰিছে সুভাষ দত্তই। সুভাষ দত্তই আৰু কয় যে, বদৰুদ্দিন আজমলৰ লগত এজেপিৰ গোপন মিত্ৰতা উলাই পৰিছে । অসম জাতীয় পৰিষদ আৰু এই আই ইউ ডি এফৰ গোপন মিত্ৰতাই অসমীয়া জাতিক ক্ষতি কৰিব ।

author img

By

Published : Mar 6, 2021, 10:58 PM IST

AIUDF ৰে লুৰিণজ্যোতি গগৈৰ গোপন বুজা বুজি আছে: সুভাষ দত্ত
AIUDF ৰে লুৰিণজ্যোতি গগৈৰ গোপন বুজা বুজি আছে: সুভাষ দত্ত

ডিব্ৰুগড়,6 মাৰ্চঃ ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তৰ সংবাদমেল । সংবাদমেলত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি গৰাকী প্ৰাৰ্থীৰ প্ৰতি অভিনন্দন জনাইছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই। তেওঁ লগতে আটাই কেইগৰাকী প্ৰাৰ্থীয়েই যোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰে। যি বিলাক দলৰ লগত বৰাক, ব্ৰক্ষ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বসবাস কৰা জনতাই পুনৰ বিজেপিক শাসনলৈ আনিব বুলিও আশা প্ৰকাশ কৰে তেওঁ । ইপিনে কা" আন্দোলনৰ গইনা লৈ জন্ম হোৱা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈকো আক্ৰমণ সুভাষ দত্তৰ। এই আই ইউ ডি এফৰে লুৰিণজ্যোতি গগৈৰ গোপন বুজা বুজি থকা বুলিও বিস্ফোৰক মন্তব্য কৰিছে সুভাষ দত্তই ।

যিটো ৰাজনৈতিক দলে মাত্ৰ ১৮ সমষ্টিতহে প্ৰাৰ্থী দিবলৈ সক্ষম হৈছে, সেইটো দলে কেনেকৈ চৰকাৰ গঠন কৰিব পাৰিব বুলিও প্ৰশ্ন কৰে দত্তই । বদৰুদ্দিন আজমলৰ এই আই ইউ ডি এফৰ প্ৰভাৱ থকা সমষ্টি সমূহত অসম জাতীয় পৰিষদে এজনো প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ নাম ঘোষণা নকৰাটো ৰহস্য জনক বুলি মন্তব্য কৰিছে সুভাষ দত্তই । সুভাষ দত্তই আৰু কয় যে, বদৰুদ্দিন আজমলৰ লগত এজেপিৰ গোপন মিত্ৰতা উলাই পৰিছে । অসম জাতীয় পৰিষদ আৰু এই আই ইউ ডি এফৰ গোপন মিত্ৰতাই অসমীয়া জাতিক ক্ষতি কৰিব ।

ইপিনে দত্তই ৰাইজৰ দলেও কেৱল ১৮ টা সমষ্টিতহে প্ৰাৰ্থী দিবলৈ ওলোৱাটো হাস্যকৰ হৈ পৰা বুলি কটাক্ষ কৰে। যি কেইটা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী দিছে সেই কেইটা সমষ্টিত ৰাইজৰ দলৰ এজনো প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে বুলি মন্তব্য কৰে সুভাষ দত্তই। বদৰুদ্দিন আজমলক সহায় কৰিবলৈকে নতুন আঞ্চলিক দল দুটাই চেষ্টা কৰা বুলিও সংবাদমেলত অভিযোগ উত্থাপন কৰে। সংবামেলত আৰু কয় যে বদৰুদ্দিন আজমলৰ দলে যিবিলাক সমষ্টিত প্ৰাৰ্থী দিছে সেইবিলাক সমষ্টিত ৰাইজৰ দল, এজেপিয়ে প্ৰাৰ্থী নিদি কাক সহায় কৰিছে দেখ দেখকৈ ওলাই পৰিছে । য'ত বিজেপিৰ প্ৰাৰ্থী দিয়া হৈছে তাতহে আঞ্চলিক দল দুটাই প্ৰাৰ্থী দিছে । সুভাষ দত্তই বিগত চাৰে চাৰি বছৰত চৰকাৰে কাৰ্যকৰী কৰা আঁচনি সমূহৰ বিষয়েও সংবাদমেলত উল্লেখ কৰে ।

আনহাতে চাবুৱা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নিদিয়াকলৈ বিজেপি কৰ্মী সকলে ক্ষোভ প্ৰকাশ কৰিছে যদিও দলৰ সিদ্ধান্তৰ বিৰুদ্ধে নেযায় বুলি মন্তব্য কৰে সুভাষ দত্তই। অগপ নেতা হ'লেও চাবুৱা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক বিজেপিৰ কাৰ্যকৰ্তা সকলে পূৰ্ণ সহযোগ কৰিব বুলি স্পষ্ট কৰি দিছে । সংবামেলত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰও উপস্থিত থাকে ।

লগতে পঢ়কঃ ড° অমিয় কুমাৰ ভূঞাক শুভেচ্ছা দেবানন্দ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.