ETV Bharat / state

Press conference of Rameshwar Teli:সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হ'ব সভা:তেলী - Public Relations Campaign of Modi govt

ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ জয়গান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ (Modi Governments ninth anniversary)। ৩০ মে'ৰ পৰা মাহজোৰাকৈ চলিছে মহা জনসম্পৰ্ক অভিযান ।

Modi Governments ninth anniversary
কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ জয়গান
author img

By

Published : Jun 6, 2023, 7:29 PM IST

কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ জয়গান

মৰাণ, ৬মে: কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই সংবাদমেল সম্বোধন কৰে (Press conference of Rameshwar Teli at Dibrugarh)। বিগত ৯ বছৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ বাবে কাম কৰা বুলি কয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । তেওঁ কয় যে যোৱা ৩০ মে'ৰ পৰা এমাহজোৰা মহা জনসম্পৰ্ক অভিযান আৰম্ভ হৈছে (Maha Jan Sampark Abhiyan)। প্ৰতিটো সমষ্টিৰ বিজেপিৰ ৮ টা মৰ্চাক সামৰি সংযুক্ত মৰ্চা সন্মিলন অনুষ্ঠিত হৈছে বুলিও তেওঁ কয় ।

দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকলৰ পৰা আলোচনা আৰু পৰামৰ্শ গ্ৰহণ কৰা বুলি উল্লেখ কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক লৈ বুধবাৰৰ পৰা সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হ'ব সভা । অহা ২০ জুনত সামাজিক মাধ্যমৰে বৈঠক, ২১ জুনত যোগ দিৱস ৫০০ কাৰ্যকৰ্তাকলৈ অনুষ্ঠিত হ'ব । অহা ২২ জুনত প্ৰতিটো বুথৰ পৰা ১১ জন কৰ্মীক লৈ দুলীয়াজানত অনুষ্ঠিত হ'বলগীয়া বিশাল জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

ইপিনে, অহা ২৩ জুনত বলিদান দিৱস অনুষ্ঠিত হ'ব । ২৪ মে'ত অনুষ্ঠিত হ'ব জনসম্পৰ্ক অভিযান (Public Relations Campaign of Modi govt)। প্ৰতিটো সমষ্টিৰ পৰা ১২০ জন বিশেষ প্ৰভাৱশালী ব্যক্তিৰ তালিকা প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২৫ মে'ত লাহোৱালত এই বিশেষ ব্যক্তি সকলক লৈ সভাখন অনুষ্ঠিত হ'ব । এই সভাত কংগ্ৰেছৰ ইন্দিৰা গান্ধীৰ শাসনকালত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাক লৈ আলোচনা কৰা হ'ব । ২৬ মে'ত মানুহৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক কৰা হ'ব বুলি সদৰী কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

এই সংবাদমেলত উদ্যোগ মন্ত্ৰী বিমল বড়াই কয়,"২০১৪ চন দেশবাসীৰ বাবে আছিল টাৰ্নিং পইন্ট । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লৈয়েই সৱকা সাথ, সৱকা বিকাশৰ নীতিৰে আগবাঢ়িছিল । ৯ বছৰত মোদীয়ে সুশাসন প্ৰদান কৰিবলৈ সক্ষম হৈছে । সকলোৱে আশ্বস্ত অনুভৱ কৰিছে । ২০১৪ চনৰ আগত ৪৭ লাখ পৰিয়ালৰ ভিতৰত ২২ লাখ পৰিয়ালৰহে আছিল বিদ্যুৎ সংযোগ । কিন্তু অসমত ৭ টা বছৰত ২২ লাখ পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান কৰিবলৈ সক্ষম হয় । এই সংবাদমেলত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়েও অংশগ্ৰহণ কৰে।

লগতে পঢ়ক:Smuggling of fish in Assam:লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত আহত চোৰাং মাছমৰীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.