ETV Bharat / state

চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ - ৰূপহী গাভৰু

চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ ৷ কুলি কেতেকীৰ মৌ বৰষা মাত আৰু ঢোলৰ গুমগুমণি, পেঁপাৰ সুৰীয়া সুৰত তৰণি নোহোৱা হৈছে অসমীয়াৰ গাত ৷ প্ৰকৃতিৰ বুকুত লঠঙা গছেও সাজিছে ন-সাজেৰে ৷ কপৌ-কেতেকীৰ সুবাসে ৰজন জনাইছে অসমৰ চৌপাশ ৷ গাঁৱে-ভূঞে এতিয়া ৰঙালীৰ প্ৰস্তুতি ৷ ঢোল-পেঁপাৰ মাতত ইচাট-বিচাট মন ৰঙিলী নাচনীৰ ৷

চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ
চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ
author img

By

Published : Apr 4, 2021, 2:21 PM IST

Updated : Apr 4, 2021, 4:13 PM IST

মৰাণ,4 এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰৰ ধামখুমিয়াৰ মাজতে চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ ৷ কুলি কেতেকীৰ মৌ বৰষা মাত আৰু ঢোলৰ গুমগুমণি, পেঁপাৰ সুৰীয়া সুৰত তৰণি নোহোৱা হৈছে অসমীয়াৰ গাত ৷ প্ৰকৃতিৰ বুকুত লঠঙা গছেও সাজিছে ন-সাজেৰে ৷ কপৌ-কেতেকীৰ সুবাসে ৰজন জনাইছে অসমৰ চৌপাশ ৷ গাঁৱে-ভূঞে এতিয়া ৰঙালীৰ প্ৰস্তুতি ৷ ঢোল-পেঁপাৰ মাতত ইচাট-বিচাট মন ৰঙিলী নাচনীৰ ৷

চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ

তাঁতশালত ব্যস্ত গাঁৱৰ জীয়াৰী-বোৱাৰী ৷ ঢেঁকীত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গাঁৱৰ মহিলা । প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰাণতো এতিয়া ৰঙালীৰ আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ মৰাণৰ ডেকাসকলৰ লগতে ৰূপহী গাভৰু সকলো ব্যস্ত হৈ পৰিছে কৰ্মশালাত ৷ ঢোলৰ ছেৱে-ছেৱে কঁকাল ভাঙিছে মৰাণৰ গাভৰুৱে ৷ বিগত বছৰত মহামাৰী ক'ৰণাৰ বাবে বিহু উদযাপন কৰিব নোৱাৰা অসমীয়াই এইবেলি দুগুণ উৎসাহেৰে আগবাঢ়িছে চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে ৷

লগতে পঢ়ক: জীয়া ভৰলীৰ খহনীয়াই ভেটি উছন কৰিছে ৰঙাপৰাবাসীৰ

Last Updated : Apr 4, 2021, 4:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.