ETV Bharat / state

কপৌ, নাহৰ, তগৰ, খৰিকাজাঁইৰ সুবাসে আনিছে বিহুৰ বতৰা - পদূলি মুখত হেঁ‌পাহৰ ৰঙালী বিহুটি

পদূলি মুখত হেঁ‌পাহৰ ৰঙালী বিহুটি । কুলি, কেতেকীৰ মাতে জীপাল কৰিছে পৰিৱেশ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি (Bihu preparation in Assam)। ব্যতিক্ৰম নহয় উজনি অসমৰ ডিব্ৰুগড় ।

খৰিকাজাঁইৰ সুবাসে আনিছে বিহুৰ বতৰা
খৰিকাজাঁইৰ সুবাসে আনিছে বিহুৰ বতৰা
author img

By

Published : Apr 7, 2022, 3:08 PM IST

মৰাণ, 7 এপ্ৰিল : ব'হাগ মানেই কপৌফুল, ব'হাগ মানেই দুহাতত জেতুকাৰ বোল । প্ৰাণ চঞ্চলা প্ৰকৃতিয়ে ন-সাজেৰে দিছেহি এতিয়া ব’হাগৰ বতৰা । ঢোল–পেঁপাৰ শব্দত ৰজন জনাইছে ৰাজ্যৰ প্ৰতিটো চুক-কোণ ৷ বাৰী কাষৰ আম জোপাও মলিয়াব ধৰিছে ৷ গছৰ ডালত পৰি কুলি, কেতেকীয়েও দিছে ব’হাগৰ বতৰা ৷

আনকি কপৌ, নাহৰ, তগৰ, খৰিকাজাঁইৰ সুবাসত চৌদিশ হৈছে আমোলমোল । প্ৰকৃতিয়েও দিছে অসমীয়াৰ আয়ুস ৰেখা হেঁপাহৰ ব’হাগৰ আগজাননী । ব’হাগত আপোনজনক এখনি বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰীসকল (Assam weavers busy with making Gamocha) ।

কপৌ, নাহৰ, তগৰ, খৰিকাজাঁইৰ সুবাসে আনিছে বিহুৰ বতৰা

তাঁতশালৰ পৰা মূৰ তুলিবলৈ যেন এতিয়া আহৰি নাই গাঁৱৰ একাংশ জীয়ৰী-বোৱৰীৰ ৷ সকলো ব্যস্ত এতিয়া ৰঙালীক আদৰাৰ ৷ ব্যতিক্ৰম নহয় উজনি অসমৰ ডিব্ৰুগড় (Preparation for Rangali Bihu in Dibrugarh)। বৃহত্তৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন গাঁৱত এতিয়া ঢোলৰ গোম-গোমনি শব্দৰে মুখৰিত হৈ পৰিছে ।

লগতে পঢ়ক : Bihu preparation in Assam : প্ৰিয়জনক বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত শিপিনী

সমান্তৰালকৈ ঢেকীত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গ্ৰাম্যঞ্চলৰ বহু মহিলা (Bihu preparation in Assam)। এক কথাত ক'বলৈ গ'লে ঢেকীৰ শব্দৰে অন্য এক মাদকতা সৃষ্টি কৰিছে গাঁওসমূহত । অন্যহাতে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু আখৰা আৰু বিহুৰ কৰ্মশালা ।

বিহু সন্মিলন সমূহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এই কৰ্মশালা সমূহত কণ-কণ ল'ৰা-ছোৱালীৰ পৰা যুৱক-যুৱতীলৈকে বহুতে বিহু নাচ, হুঁ‌চৰি, ঢোল বাদন আদি প্ৰশিক্ষণ গ্ৰহণ কৰিছে । মুঠৰ ওপৰত অতিকৈ চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰত চলিছে ব্যাপক প্ৰস্তুতি ।

লগতে পঢ়ক : বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.