মৰাণ, 9 নৱেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা গাঁও পঞ্চায়তৰ অধীনৰ কোটোহাৰৰ পৰা ভগামূৰলৈ 4.959 কিলোমিটাৰ প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনা আঁচনিত 589,11,497.00 টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান পথটোৰ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিৰে হোৱাত যমৰ যন্ত্ৰণা ভুগিছে কোটোহা,বালিগাঁও আৰু ভগামূৰবাসী ৰাইজে ।
অসম চৰকাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ ৰাষ্ট্ৰীয় গ্ৰাম্য পথ উন্নয়ন মন্ত্ৰালয়ৰ পুঁজিৰে আবন্টিত বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কোটোহা ভগামূৰ পথটোৰ কিছু কাম কৰিয়ে কৰ'ণা আতংকৰ দুহাই দি ঠিকাদাৰে কাম সামৰিলে । কিন্তু কৰ'ণা পৰিস্থিতি কিছু সাম কটাৰ পিচতো পথটোৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ ৰাইজৰ ৷
লগতে পঢ়ক : হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন কৰিলে ৰণজিৎ দাস আৰু ভুৱনেশ্বৰ কলিতাই
উল্লেখযোগ্য যে, একমাত্ৰ বুঢ়িদিহিং মথাউৰিটোৱেই কোটোহা ভগামূৰবাসীৰ যাতায়ত পথ আছিল । স্থায়ী তথা নিৰাপদমূলক যাতায়তৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি জীয়াতু ভুগি অহা কোটোহা ভগামূৰবাসীয়ে এটা পঁকী পথ লাভ কৰিছিল যদিও এতিয়া পথৰ আধৰুৱা নিৰ্মাণত ৰোগীক চিকিৎসাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে ।
আনহাতে,কৃষিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰে আত্মপ্ৰতিষ্ঠা আৰু স্বাৱলম্বী কোটোহা ভগামূৰ নিৰ্মীয়মান পথটো লেহেমীয়া হোৱাত অঞ্চলবাসী ৰাইজ যথেষ্ট বিপদত পৰা বুলি জানিবলৈ দিয়ে ৷ যাৰবাবে ৰাইজে শীঘ্ৰে পথটো মেৰামতি সম্পূৰ্ণ কৰিবৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : দেওবাৰৰ দিনটোত দিল্লীত ক'ভিড-19ত আক্ৰান্ত 7,745 গৰাকী লোক