ডুমডুমা, 30 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত হাতে হাতে দা-কোৰ লৈ পথ মেৰামতি কৰিলে বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত ২ নং ডুমডুমা ন-গাঁৱৰ প্ৰায় শতাধিক লোকে । ১ নং বুঢ়ীদিহিং গাঁৱৰ সংযোগী পথৰ পৰা ২ নং ডুমডুমা ন-গাঁও হৈ তালপথাৰলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ পথটো মেৰামতি কৰে স্থানীয় লোকসকলে ।
উল্লেখ্য যে, ১৯৭০ চনতেই প্ৰতিষ্ঠা লাভ কৰা ২নং ডুমডুমা ন-গাঁওৰ একমাত্ৰ এই পথচোৱা আজিকোপতি মেৰামতি নোহোৱাত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় লোকসকলে । মাৰ্ঘেৰিটা বিধানসভা সমষ্ঠিত ১৫ বছৰ কংগ্ৰেছৰ শাসন আৰু ৪ বছৰতকৈ অধিক সময় বিজেপিৰ বিধায়ক থকাৰ পিছতো আজিও এই পথটো মেৰামতি কৰাত গুৰুত্ব প্ৰদান নকৰিলে বিধায়ক ভাস্কৰ শৰ্মাই ৷
ইফালে,২০২১ চনৰ নিৰ্বাচনৰ আগমূহুৰ্তত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷ অন্যথা গাঁৱৰ ৰাইজে নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কাৰ্যসূচী হাতত ল'ব বুলি চৰকাৰক সকিয়াই দিছে ৷
লগতে পঢ়ক:নতুন বছৰত দেশবাসীৰ বাবে ভাল খবৰ, পিচে ভাল খবৰটো কি?