ETV Bharat / state

শক্তি মন্ত্ৰীৰ গৃহ জিলাতে ভগা খুঁটাত বাঁহ-কাঠ জোৰা দি বিদ্যুৎ যোগান - poor power supply of electricity

শক্তি মন্ত্ৰী বিমল বৰাৰ গৃহ জিলাত ভগ্ন খুঁটাতে জোৰা টাপলি মাৰি অতি বিপদজনকভাৱে চলিছে বিদ্যুৎ যোগান ৷ কাঠ-বাঁহৰ খুটা আৰু মকৰা জালৰ দৰে বিয়পি পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি শক্তি মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্যৰ সৈতে বিপৰীত স্থিতিত অৱস্থান কৰা বিদ্যুৎ বিভাগৰ কাৰ্যত অসন্তুষ্ট ৰাইজ ৷

poor-power-supply-of-electricity-in-power-ministers-home-district
শক্তি মন্ত্ৰীৰ গৃহ জিলাতে ভগা খুঁটাত বাঁহ কাঠ জোৰা দি বিদ্যুৎ যোগান
author img

By

Published : Jul 13, 2021, 10:13 PM IST

মৰাণ, 13 জুলাই : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰীয়ে বিভাগটোৰ অধিক সংস্কাৰ কৰিবলৈ চেষ্টা কৰি থকা সময়তে শক্তি মন্ত্ৰী বিমল বৰা(power minister Bimal Bora)ৰ গৃহ জিলাতে বিফল হৈছে বিদ্যুৎ বিভাগ(electricity department) ৷ দুশটাতকৈ অধিক পৰিয়াল থকা এখন গাঁৱত বিদ্যুৎ বিভাগে ভগ্ন বিদ্যুৎ খুঁটাত বাঁহ-কাঠ জোৰা দি বিদ্যুতৰ তাঁৰ ওলমাই অতি বিপদজনকভাৱে বিদ্যুৎ যোগান ধৰি আহিছে । যাক লৈ শংকিত হৈ পৰিছে ৰাইজ ৷

এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি ভাগৰি পৰিল খোৱাঙৰ টেপৰচালি বাম গাৰিহালি চুক চেতীয়া ব্লকৰ ৰাইজ । কিন্তু ৰাইজৰ অভিযোগৰ প্ৰতি কোনো কাণসাৰ নাই বিদ্যুৎ বিভাগ নতুবা জনপ্ৰতিনিধিৰ । ৰাইজে জানিবলৈ দিয়া মতে, দুশটা পৰিয়ালৰ মাজত এটাই মাত্ৰ ট্ৰান্সফৰ্মাৰ থকাৰ বাবে ৰাতি হ'লেই ভল্টেজ নাথাকে গাঁওখনত ।

শক্তি মন্ত্ৰীৰ গৃহ জিলাতে ভগা খুঁটাত বাঁহ কাঠ জোৰা দি বিদ্যুৎ যোগান

বছৰ বছৰ ধৰি গাঁওখনৰ ৰাইজে এনে সমস্যাৰ সমুখীন হৈ অহাৰ পাছতো আজি পৰ্যন্ত বিদ্যুৎ বিভাগে ৰাইজৰ সমস্যাক লৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।প্ৰতিটো পৰিয়ালৰ বিদ্যুৎ ব্যৱহাৰ কৰা চৰকাৰী অনুমতি থকাৰ পাছতো কেৱল বিভাগৰ বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ বাবেই বিদ্যুৎ সংযোগ থাকিও নথকাৰ দৰে পৰিৱেশ বিৰাজ কৰিছে গাঁওখনত ।

ইফালে বাঁহ-কাঠৰ খুঁটাত বিদ্যুতৰ তাঁৰ ওলমাই ৰখাত ভয়ানক বিপদ হোৱাৰ সম্ভাৱনাত আতংকিত গাঁৱৰ ৰাইজ । সম্প্ৰতি ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে বিষয়টো হস্তক্ষেপ কৰি ৰাইজে বছৰৰ পাছত বছৰ ধৰি ভুগি সমস্যাৰ অৱসান কৰিবলৈ কৰিবলৈ আহ্বান জনাইছে । আনহাতে, ৰাজ্যৰ শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰা(power minister Bimal Bora)ই তেওঁৰ দিনত ৰাজ্যত বিদ্যুৎ পৰিবহনৰ বাবে ব্যৱহাৰ কৰা কাঠ-বাঁহৰ খুটা আৰু মকৰা জালৰ দৰে বিয়পি পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কৰা মন্তব্যৰ বিপৰীত পৰিৱেশ বিৰাজ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.