মৰাণ, 25 জুন : ৰাজ্য চৰকাৰে শিক্ষিত যুৱক-যুৱতীসকলক কাৰিকৰী দিশত আগুৱাই নিয়াৰ কথা প্ৰায়েই উল্লেখ কৰিলেও সেইয়া বৰ্তমানলৈকে বাস্তৱ হৈ উঠা নাই । সম্প্ৰতি, যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণৰ বাবে থকা কেন্দ্ৰসমূহ এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে । চৰকাৰে উন্নয়নৰ কথা কৈ থকা সময়তে খোদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ গৃহ চহৰ চাবুৱাৰ একমাত্ৰ বয়ন শিল্প কেন্দ্ৰটো বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে ।
উল্লেখ্য যে, চাবুৱাৰ পুলুঙা গাঁৱত কংগ্ৰেছ চৰকাৰৰ শাসনকালতে নিৰ্মাণ কৰা হৈছিল এটা বয়ন শিল্প কেন্দ্ৰ ৷ প্ৰথম অৱস্থাত চৰকাৰী বিষয়াৰ পৰা আৰম্ভ কৰি দুজনকৈ প্ৰশিক্ষক আছিল কেন্দ্ৰটোত । এবাৰত ১৫ ৰ পৰা ২০ গৰাকীকৈ যুৱতীয়ে এই বয়ন শিল্প কেন্দ্ৰটোত প্ৰশিক্ষণ লৈছিল । কিন্তু ইয়াৰ পৰবৰ্তী সময়ত, বিষয়া আৰু প্ৰশিক্ষক সকলক কেন্দ্ৰটো পৰা অন্য ঠাইলৈ বদলি কৰি লৈ যায় বিভাগটোৱে ।
ইয়াৰ ফলস্বৰূপে, বয়ন শিল্প কেন্দ্ৰটোৱেও ক্ৰমাৎ জৰাজীৰ্ণ ৰূপ লয় । বৰ্তমান হাবি জংঘলেৰে জৰাজীৰ্ণ হৈ পৰা এই কেন্দ্ৰটো মহিলা সকলৰ প্ৰশিক্ষণৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা সময়ত চাবুৱা ৰাইজৰ অনুৰোধ ৰক্ষা কৰি পাঁচ লাখ টকা বিশেষ চৰকাৰী অনুদানেৰে পুনৰ মেৰামতি কৰা হৈছিল ৷
কেন্দ্ৰটো মেৰামতি কৰিলেও বয়ন শিল্প কেন্দ্ৰত দিয়া হোৱা নাছিল কোনো প্ৰশিক্ষকৰ নিযুক্তি । ফলত কালক্ৰমত এতিয়া কেন্দ্ৰটোৰ সকলো যন্ত্ৰপাতি তথা আচবাব সম্পূৰ্ণকৈ নষ্ট হৈ পৰিছে । আনহাতে, সম্প্ৰতি জহি খহি এইদৰে হাবি জংঘলেৰে আবৃত হৈ পৰিত্যক্ত অৱস্থাত পৰি আছে গৃহটো ৷
স্থানীয় ৰাইজে জানিব দিয়া মতে, এসময়ত একাংশই গাহৰি পালনৰ বাবেও ব্যৱহাৰ কৰিছিল উক্ত গৃহটো ৷ অভিযোগ অনুসৰি, নিৰ্মাণৰ সময়ত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই অতি কম সময়তে গৃহটো জহি খহি গৈছে ৷ অৱশ্যে, জহি খহি যোৱা বয়ন শিল্প কেন্দ্ৰটো অনাগত দিনত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ কেনেধৰণৰ পদক্ষেপ ল'ব সেয়া লক্ষণীয় হৈ ৰ'ব ৷
লগতে পঢ়ক : ২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা