ETV Bharat / state

নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ উদ্ধোধন কৰা দলঙৰ শোচনীয় অৱস্থা - poor condition of Bridge

চাৰি কোটি টকীয়া এখন দলং ৷ পাঁচ মাহতে যাতায়াতৰ অনুপযোগী হ'ল দলংখন ৷ বাৰিষাৰ পানীয়ে উটুৱাই নিয়াৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ ৷ থাওৰা সমষ্টিৰ এই দলংখনে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে ৷

poor condition of Bridge in Thaora Constituency
নিৰ্বাচনী বৈতৰনী পাৰ কৰিবলৈ উদ্ধোধন কৰা দলঙৰ শোচনীয় অৱস্থা
author img

By

Published : Jun 30, 2021, 5:38 PM IST

মৰাণ, 30 জুন : ৰাজ্য চৰকাৰে উন্নয়ন আৰু দুৰ্নীতি মুক্ত অসম গঢ়াৰ কথা কৈ থকা সময়তে থাওৰা বিধানসভা সমষ্টিৰ এখন দলঙে দৃষ্টি কাঢ়িছে সকলোৰে । নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ভোটাৰৰ মন জয় কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ বাবে ততাতৈয়াকৈ উদ্ধোধন কৰা দলঙৰ এতিয়া শোচনীয় অৱস্থা । পাঁচ মাহতে যাতায়তৰ বাবে অনুপযোগী হ'ল দলংখন ।

চাৰি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন বাৰিষাৰ পানীয়ে উটুৱাই নিয়াৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ ৷ মৰাণ বিধানসভা সমষ্টিৰ গাতে লাগি থকা ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ম’হখুঁটি ষ্টেচনৰ পৰা বকতা সংযোগী পথৰ দিৰৈ নদীৰ ওপৰত ব্ৰিটিছৰ দিনতে ১৮৮৯ চনত নিৰ্মাণ কৰা হৈছিল এখন কাঠৰ দলং ৷ উক্ত কাঠৰ দলংখনৰ কাষতে পঞ্চাশ মিটাৰ দৈৰ্ঘ্যৰ এখন নতুন ষ্টীলৰ দলং নিৰ্মাণ কৰিছিল বিগত চৰকাৰ খনে ।

নিৰ্বাচনী বৈতৰনী পাৰ কৰিবলৈ উদ্ধোধন কৰা দলঙৰ শোচনীয় অৱস্থা

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা SOPD-G আঁচনিৰ অধীনত ৪ কোটি ২ লাখ ২২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ষ্টীলৰ এই দলংখন ৷ নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ১০ জানুৱাৰী তাৰিখে থাওৰা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীয়ে উদ্ধোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিছিল ।

মাত্ৰ পাঁচ মাহৰ পূৰ্বে বিজেপি চৰকাৰৰ লোক নিৰ্মাণ বিভাগে উন্নয়নৰ শ্ল'গান দি ঢাক-ঢোল বজাই মহাবীৰ লাচিত-চিলাৰায় সেঁতু নামেৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া দলংখন এতিয়া মৰণফাণ্ডত পৰিণত হৈছে । দলংখনৰ দুয়োটা মূৰ খহি গৈ এক বৃহৎ গাঁতৰ সৃষ্টি হৈছে । দৈনিক হাজাৰ হাজাৰ লোকৰ ওপৰিও এই দলংখনৰ ওপৰেদি চাহ বাগিছাৰ গাড়ীকে ধৰি জনসাধাৰণৰ সৰু-বৰ অনেক গাড়ী মটৰ অহা যোৱা কৰে ৷

গতিকে যিকোনো সময়ত এক বৃহৎ ঘটনা সংঘটিত হোৱাৰ আশংকাত জনসাধাৰণ শংকিত হৈ পৰিছে । আনহাতে আদিবাসী স্থানীয় ৰাইজে ইয়াৰ এক উচিত তদন্তৰ দাবী কৰি দলংখনৰ ঠিকাদাৰ আৰু নিয়োজিত অভিযন্তাৰ শাস্তিৰ দাবী জনাইছে ।

লগতে পঢ়ক: শশীকলাৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.