ডিব্ৰুগড় , ৩১ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে দেওবাৰে ডিব্ৰুগড় জিলাতো পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ ডিব্ৰুগড় নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকাই আনুষ্ঠানিকভাৱে অভিযানৰ শুভাৰম্ভ কৰে ৷
শুভাৰম্ভণি অনুষ্ঠানত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডা০ কৃষ্ণা কেম্প্ৰাই, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ নৱজ্যোতি গগৈ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এছ.এম.অ' ডা০ পল্লৱী কোঁৱৰ উপস্থিত থাকে ।
লগতে পঢ়ক :৪০ বছৰে সংগীত সাধনাত ব্যস্ত জামুগুৰিহাটৰ এজন অখ্যাত শিল্পী