ETV Bharat / state

Chabua Road Accident Case : ডিকমত ক্ষোভিত ৰাইজে জ্বলালে আৰক্ষীৰ বাহন

author img

By

Published : Apr 11, 2023, 8:57 AM IST

Updated : Apr 11, 2023, 9:23 AM IST

ডিব্ৰুগড়ৰ চাবুৱাত ভয়ংকৰ ঘটনা । নিশা ডিকমত ক্ষোভিত ৰাইজে জ্বলাই দিলে আৰক্ষীৰ বাহন (police vehicle set fire at Dikom Dibrugarh) । আৰক্ষীৰ শূন্যলৈ গুলীচালনা । কেইবাজনো আৰক্ষী আহত ।

Chabua Road Accident
ডিব্ৰুগড়ৰ চাবুৱাত ভয়ংকৰ ঘটনা
ডিব্ৰুগড়ৰ চাবুৱাত ভয়ংকৰ ঘটনা

মৰাণ, ১১ এপ্ৰিল : ডিব্ৰুগড় জিলাৰ চাবুৱাত ভয়ংকৰ পৰিস্থিতি (tense situation in chabua Dibrugarh) । তিনিগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ । মহিলাকেইগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি নিশাৰ ভাগত উত্তপ্ত হৈ পৰে চাবুৱাৰ পৰিস্থিতি (warm situation in Chabua for killed of womens) ।

উল্লেখ্য, নিহত মহিলা শ্ৰমিককেইগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি ক্ষোভিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তাৰ বাবে সোমবাৰে বিয়লি টায়াৰ‌ জ্বলাই‌ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (people protest for women killed at chabua) । কিন্তু সিমানতে সন্তুষ্ট নাথাকি নিশাৰ ভাগতো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে শতাধিক ৰাইজ । যাৰ বাবে সোমবাৰে নিশা সৃষ্টি হয় অধিক ভয়ংকৰ পৰিস্থিতিৰ ।

ইফালে উত্তেজিত প্ৰতিবাদী ৰাইজক আৰক্ষীয়ে ন্যায় প্ৰদানৰ আশ্বাস দিয়ে যদিও তাতো ক্ষান্ত হোৱা নাছিল প্ৰতিবাদকাৰী ৰাইজ । অৱশেষত এই প্ৰতিবাদৰ ভয়ংকৰ পৰিণতিত সোমবাৰে নিশা ডিকমত ক্ষোভিত ৰাইজে জ্বলাই দিয়ে আৰক্ষীৰ বাহন (police vehicle set fire at Dikom Dibrugarh) ।

যাৰ বাবে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ কেইবা জাঁই গুলী চলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । আনহাতে, আৰক্ষীক লক্ষ্য কৰি একাংশ প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ কৰাৰ কথাও সদৰী কৰিছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, সোমবাৰে বিয়লি AS-06-Z-3501 নম্বৰৰ এখন তীব্ৰ বেগী ছুইফট্‌ ডিজায়াৰে‌ মহতিয়াই‌ নিয়াৰ ফলত ৰীতা‌ ভক্তা‌ আৰু‌ মিনা‌ বেদিয়া নামৰ দুগৰাকী মহিলা‌ থিতাতে‌ নিহত হয় ।

আনহাতে, সুনীতা‌ বেদিয়া‌ নামৰ আন এগৰাকী মহিলা শ্ৰমিকৰ অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় । মহিলাকেইগৰাকীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খোজকাঢ়ি এখন বাগিচাৰ পৰা আন এখন বাগিচালৈ পথটো অতিক্ৰম কৰাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি শ্ৰমিক ৰাইজে জানিবলৈ দিয়ে (Locals Vandalize Police Vehicle After Tragic Road Accident)।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ' খাৱৈত‌ বাগৰি পৰে‌ । ইয়াৰ পিচতে স্থানীয় শ্ৰমিক ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিহত ব্যক্তিৰ মৃত্যুৰ উচিত‌ বিচাৰৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত টায়াৰ‌ জ্বলাই‌ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

তাৰ পিচতে নিশাৰ ভাগত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । এই সমগ্ৰ ঘটনাৱলীত বৰ্তমান চাবুৱাত চেপা উত্তেজনাই বিৰাজ কৰিছে । অৱশ্যে আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।

লগতে পঢ়ক : Road accident in Chabua: চাবুৱাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি মহিলা শ্ৰমিকে

Last Updated : Apr 11, 2023, 9:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.