ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে পত্নীক

author img

By

Published : Mar 14, 2022, 8:48 AM IST

Updated : Mar 14, 2022, 1:20 PM IST

ডিব্ৰুগড় আৰক্ষী চাউনিৰ ভিতৰত দেওবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder at Dibrugarh Police station) । পাৰিবাৰিক কন্দলৰ বাবেই আৰক্ষী কনিষ্টবলে নিজৰ কাৰ্বাইনৰে পত্নীক গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷

police-jawan-killed-his-wife-in-dibrugarh
ডিব্ৰুগড় সদৰ থানাৰ চৌহদত চাঞ্চল্যকৰ হত্যাকাণ্ডডিব্ৰুগড় সদৰ থানাৰ চৌহদত চাঞ্চল্যকৰ হত্যাকাণ্ড

মৰাণ, 14 মাৰ্চ : আৰক্ষী চাউনীৰ ভিতৰত হোৱা হত্যাকাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছে ডিব্ৰুগড়ত (Sensational murder at Dibrugarh Police station) ৷ ডিব্ৰুগড় সদৰ থানাৰ চৌহদত দেওবাৰে নিশা 1 বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড । এগৰাকী আৰক্ষী কনিষ্টবলে নিজৰ কাৰ্বাইনৰে গুলীয়াই হত্যা কৰে পত্নীক (Husband shot his wife with service pistol) । অভিযুক্ত কনিষ্টবলগৰাকী বিকি চেতিয়া আৰু পত্নীৰ নাম জয়শ্ৰী চেতিয়া (29) বুলি জানিব পৰা গৈছে ৷

Police Jawan killed his wife in Dibrugarh
আৰক্ষী কনিষ্টবলে নিজৰ কাৰ্বাইন বন্দুকেৰে হত্যা কৰিলে পত্নীক

অভিযুক্ত বিকি ফৰেনাৰ্ছ ট্ৰিবিউনেল আদালতত পি এছ অ' হিচাপে কৰ্মৰত আছিল । পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি এক সূত্ৰই সদৰী কৰিছে । কনিষ্টবলগৰাকীক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় সদৰ থানাত সোধ-পোছ অব্যাহত ৰাখিছে । ইফালে এই ঘটনাৰ পাছতে জয়শ্ৰীক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও আদবাটতে তেওঁৰ মৃত্যু ঘটে ।

ডিব্ৰুগড়ত আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে পত্নীক

পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি, তিনিজাঁই গুলীৰে থকা-সৰকা কৰা হৈছিল জয়শ্ৰীৰ দেহ । জানিব পৰা মতে, জয়শ্ৰী চেতিয়াৰ পিতৃৰ ঘৰ চাবুৱাত । 2017 চনৰ শেষৰফালে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল আৰু ডিব্ৰুগড় থানাৰ চৌহদত থকা আৰক্ষী আৱাসত দীৰ্ঘদিনে বসবাস কৰি আছিল ৷ অভিযুক্ত কনিষ্টবল বিকি চেতিয়াক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী কৰিছে মৃত জয়শ্ৰীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : Brutal murder in Dibrugarh: ধলাজান চাহ বাগিচাত ৪ বছৰীয়া শিশুক ডিঙি কাটি হত্যা

Last Updated : Mar 14, 2022, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.