টিংখাং, ২৩ মে': সমগ্ৰ দেশৰ লগতে অসমতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ সংক্ৰমণ ৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে শুকুৰবাৰৰ পৰা ১৫ দিনলৈ আন্তঃজিলা যাতায়াত সেৱা বন্ধ কৰা হৈছে ৷ টিংখাঙত ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমান্তত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ বগাদাত চাৰিআলিত বৰবাম আৰক্ষী চকীয়ে কটকটীয়া তালাচী অভিযান অব্যাহত ৰাখিছে ৷
প্ৰতিখন বাহনত তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষীয়ে ৷ অৱশ্যে এইক্ষেত্ৰত অত্যাৱশ্যকীয় তথা জৰুৰীকালীন সেৱাৰ অনুমতি প্ৰদান কৰা হৈছে । এই সেৱাৰ বাহিৰে আন সকলোকে আৰক্ষীয়ে উভতাই পঠাইছে ৷ দুয়োখন জিলাৰ প্ৰতিজন লোকক অহা-যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে আৰক্ষীয়ে ।
উল্লেখ্য যে, ৰাজ্যত জিলাসমূহৰ ভিতৰত কামৰূপ (ম) ৰ পাচতে ডিব্ৰুগড় জিলাত শেহতীয়াকৈ ক'ভিড পৰিস্থিতি অধিক জটিল হোৱা পৰিলক্ষিত পৰিছে । আংশিক লকডাউনৰ সময়তো ডিব্ৰুগড় জিলাখনত অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইয়াৰ লগতে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও । যাৰ বাবে এতিয়া ডিব্ৰুগড় আৰক্ষী অধিক কঠোৰ হৈ পৰিছে ৷
লগতে পঢ়ক: কৰিমগঞ্জত পিঞ্জৰাবদ্ধ বনৰজা