ETV Bharat / state

PMAY Scam in Dibrugarh : প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড় - PMO letter to Chief Secretary of Assam

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড়ত (PMO letter to Dibrugarh on PMAY scam) । ডিব্ৰুগড়ৰ চিৰিং ডাইনীজান গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ ।

Dibrugarh
Dibrugarh
author img

By

Published : Dec 22, 2022, 1:46 PM IST

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন পত্ৰক লৈ ডিব্ৰুগড়ত তোলপাৰ

ডিব্ৰুগড়, ২২ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন পত্ৰক লৈ তোলপাৰ লাগিছে ডিব্ৰুগড়ত । চিৰিং ডাইনীজান গাঁও পঞ্চায়তত সংঘটিত অনিয়ম সন্দৰ্ভত প্ৰধানমন্ত্ৰীক দিয়া অভিযোগৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পঞ্চায়ত কাৰ্যালয়টোলৈ প্ৰেৰণ কৰিছে পত্ৰখন (PMO letter to Dibrugarh on PMAY scam) । ডিব্ৰুগড় চিৰিং ডাইনীজান গাঁও পঞ্চায়তলৈ অহা এই পত্ৰখনক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ লাগিছে ।

জানিব পৰা অনুসৰি, পত্ৰখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত হিতাধিকাৰীৰ পৰা ১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে (allegation of PMAY scam in Dibrugarh) । কিন্তু ৰহস্যৰ বিষয় যে কোনো ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ পঞ্চায়তটোৰ ১ আৰু ২ নং ৱাৰ্ডৰ সদস্যই অভিযোগ পত্ৰখন প্ৰেৰণ কৰা বুলি উল্লেখ কৰিছে ।

২০২১ চনৰ ২৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰা পত্ৰখনত হৰিকান্ত দাস আৰু এম সোণোৱালে হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে । ইফালে এই অভিযোগৰ ভিত্তিত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে যোৱা ৯ ডিচেম্বৰত ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে পত্ৰখন (PMO letter to Chief Secretary of Assam) ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে চিৰিং ডাইনীজান পঞ্চায়তৰ সভাপতি মনোজ সোণোৱালৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) নামত ধন লোৱাৰ অভিযোগ পোনচাটেই নস্যাৎ কৰিছে । এয়া কোনো দুষ্টচক্ৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২১ চনত চিৰিং ডাইনীজান পঞ্চায়তৰ অন্তৰ্গত ১ আৰু ২ নং ৱাৰ্ডত কোনো হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কোনো ঘৰ আৱণ্টন দিয়া হোৱা নাছিল । অন্যহাতে, ১ আৰু ২ নং ৱাৰ্ডৰ সদস্যই এই অভিযোগ-পত্ৰখনৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে । ১ নং ৱাৰ্ডৰ সদস্য পৰেশ দাসে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে যদিও পত্ৰখনক লৈ তদন্ত অব্যাহত ৰাখিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

উল্লেখ্য, অসমত পঞ্চায়ত পৰ্যায়ত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণৰ নামত উত্থাপিত দুৰ্নীতিৰ অভিযোগ নতুন কথা নহয় । এনে অভিযোগ বিভিন্ন পঞ্চায়তত সময়ে সময়ে উত্থাপন হৈ আহিছে । বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৱণ্টনৰ ক্ষেত্ৰত পঞ্চায়ত সভাপতি তথা ৱাৰ্ডৰ সদস্যসকলে হিতাধিকাৰীৰ পৰা মোটা অংকৰ ধন সংগ্ৰহৰ অভিযোগ প্ৰায়েই শুনিবলৈ পোৱা যায় ।

আনহাতে, প্ৰকৃত হিতাধিকাৰীয়ে গৃহ আৱণ্টন নোপোৱাৰো অভিযোগ আছে । ধনৰ বিনিময়ত প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অন্য হিতাধিকাৰী নিৰ্বাচনৰো অভিযোগ আছে । সময়ে সময়ে এনে ধৰণৰ অভিযোগ উত্থাপন হ'লেও তাৰ প্ৰকৃত তদন্ত নোহোৱাকৈয়ে তেনে অভিযোগবোৰ গাপ দি ৰখাৰো অভিযোগ আছে ।

যিটো সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰিয়ালৰ বাবে বিনামূলীয়া একোটাকৈ পকীঘৰ প্ৰদানৰ লক্ষ্য ৰাখিছে, তেনে ক্ষেত্ৰত কিন্তু এচামে আকৌ চৰকাৰৰ এই অভিলাষী আঁচনিখনক বুমেৰাং কৰাৰ বাবেহে উঠি-পৰি লগা পৰিলক্ষিত হয় । এতিয়া প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ওপৰত উল্লিখিত অভিযোগ সন্দৰ্ভত প্ৰেৰণ কৰা পত্ৰৰ তদন্ত প্ৰক্ৰিয়া কি হয়, সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Operation against drunk driving : নিয়ম ভংগকাৰী চালকৰ বিৰুদ্ধে কৰিমগঞ্জত তীব্ৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.