মৰাণ, 19 ছেপ্তেম্বৰ: অভিনৱ অংকণ শৈলীৰে চিত্ৰজগতলৈ নতুনত্ব কঢ়িয়াই অনা মৰাণৰ সীমান্ত গগৈৰ চমক ৷ শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিচ্ছবিয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে শিল্পী গৰাকীয়ে জুইৰ শিখাৰ ধোঁৱাৰে এক বিশেষ পদ্ধতিৰে অংকণ কৰি উলিয়াইছে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিচ্ছবি ৷ এই প্ৰতিচ্ছবি খনে বৰ্তমান দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ উল্লেখ্য যে, এই বৰ্ষৰ যোৱা ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিত নিজস্ব শৈলীৰে কলাগুৰুৰ 7 ফুট দীঘল আৰু 5 ফুট 9 ইঞ্চি বহল জোখৰ এখন প্ৰতিচ্ছবি অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল সীমান্ত ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বলবৎ থকা লকডাউনৰ সময়খিনিত বিভিন্ন মাধ্যমৰ চিত্ৰ অংকন কৰাৰ লগতে মুখা শিল্প, কণীৰ ওপৰত অংকন, শিলৰ ওপৰত অংকন কৰি সময় কটোৱা সীমান্তই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
উল্লেখ্য যে, মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সীমান্তই পিতৃ-মাতৃৰ প্ৰেৰণাত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰাৱস্থাৰে পৰা বিভিন্ন ব্যক্তিৰ প্ৰতিচ্ছবি অংকন আৰম্ভ কৰিছিল ৷ মৰাণ ফটিকাছোৱা অভয়পুৰীয়া গাঁওস্থিত "Rainbow Art" ৰ চিত্ৰকলাৰ ডিপ্লমা পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ সীমান্ত গগৈয়ে বৰ্তমান বিশ্ব ৰেকৰ্ডছৰ বাবে প্ৰস্তুতিত ব্যস্ত বুলি জনাইছে ৷ বিশ্বৰ এই জটিল ক্ষণত সৃষ্টিশীল সাধনাৰে সফলতাৰ জখলাত আৰোহণ কৰিবলৈ সক্ষম হোৱা সীমান্ত গগৈৰ কৃতিত্বত পৰিয়ালৰ লগতে মৰাণবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ সাত মাহৰ মূৰত সোণোৱাল দিল্লীলৈঃ সাক্ষাৎ কৰিব মোদী-শ্বাহক