ETV Bharat / state

ডিব্ৰুগড়ত প্লাজমা বেংকৰ সৈতে যোগাযোগৰ হেল্পলাইন নম্বৰ মুকলি - প্লাজমা দান

অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰু চিকিৎসালয়ৰ প্লাজমা বেংকৰে যোগাযোগ কৰিব পৰাকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৷ এই হেল্পলাইন নাম্বাৰটো হৈছে ৬০২৬৬-৫৪৭০০ ৷

plazma helpline number opened for AMCH
plazma helpline number opened for AMCH
author img

By

Published : Sep 1, 2020, 10:48 PM IST

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : ক'ভিড-১৯ আক্ৰান্ত ৰোগীৰ আৰোগ্য লাভৰ দিশত অতিকৈ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হোৱা প্লাজমা দানত ইচ্ছুক ব্যক্তিয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰু চিকিৎসালয়ৰ প্লাজমা বেংকৰে যোগাযোগ কৰিব পৰাকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৷ মংগলবাৰে মুকলি কৰা এই হেল্প
লাইন নাম্বাৰটো হৈছে ৬০২৬৬-৫৪৭০০ ৷ এই নম্বৰত প্লাজমা দান কৰিবলৈ ইচ্ছুক ব্যক্তিৰ লগতে প্লাজমাৰ সৈতে জড়িত অন্যান্য বিষয় সন্দৰ্ভত তথ্য যেনে প্লাজমাৰ প্ৰয়োজন হোৱা ৰোগীয়ে প্লাজমাৰ উপলব্ধতা সন্দৰ্ভত জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব ৷

plazma helpline number opened for AMCH
প্লাজমা বেংকৰ সৈতে যোগাযোগৰ হেল্পলাইন নম্বৰ মুকলি

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত এই নাম্বাৰটি মুকলি কৰা হয় ৷ ক'ভিড-১৯ ৰোগীৰ চিকিৎসাত সহায় হোৱাকৈ অধিক সংখ্যক লোকক প্লাজমা দানৰ বাবে আগ্ৰহী কৰি তোলাৰ দিশত ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰা হয় সভাখনত ৷

সভাত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা, অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ হিৰণ্য কুমাৰ গোস্বামী, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ নৱজ্যোতি গগৈ আৰু প্লাজমা বেংকৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : আগন্তক 15 বছৰ শাসনলৈ আহিব নোৱাৰে কংগ্ৰেছ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.