ETV Bharat / state

মৰাণত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত ৰাইজৰ

পথতে ভুঁই ৰুই প্ৰতিবাদ কৰা ৰাইজৰ অভিযোগ,বহু কষ্টৰ মাজেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসাৰ বাবে ৰোগীক সাঙীত ভাৰ কৰি ৩ কিঃ মিঃ দূৰতেই গাড়ীত উঠাব লগীয়া হয় । ইয়াৰ উপৰিও পথৰ অৱস্থা শোচনীয় হোৱা বাবে ১০৮ জৰুৰীকালীন সেৱাৰ লগতে ব্যক্তিগত চাৰিচকীয়া বাহনো গাঁও খনলৈ যাব নোৱাৰে ।

author img

By

Published : Aug 19, 2020, 10:28 PM IST

People's protest in moran for bad road condition
মৰাণত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত ৰাইজৰ

মৰাণ,19আগষ্টঃ কেৱল শ্ল'গানত আবদ্ধ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়ন ৷ মেলে-মিটিঙে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওঁক কিয় পুনৰ পোহৰলৈ আহিছে চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল এশ একুৰি সমস্যাৰে জৰ্জৰিত ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাই চেঁচা নগাঁও আৰু পানী গাঁৱত। দেশে স্বাধীনতা লাভ কৰা ৭৪ টা বছৰৰ পাছতো ১৯৭৩ চনতে নিৰ্মাণ কৰা চেঁচা নগাঁও গাঁৱৰ মূল পথটো পকীকৰণ দূৰৈৰ কথা পথৰ ওপৰত আজি পৰ্যন্ত এটা শিলগুটিও নপৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

যাৰ পৰিপ্ৰেক্ষিতত আজি উপায়হীন হৈ অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পথতে ভুঁই ৰুই প্ৰতিবাদ কৰা ৰাইজৰ অভিযোগ, বহু কষ্টৰ মাজেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসাৰ বাবে ৰোগীক সাঙীত ভাৰ কৰি ৩ কিঃ মিঃ দূৰতেই গাড়ীত উঠাব লগীয়া হয় । ইয়াৰ উপৰি পথৰ অৱস্থা শোচনীয় হোৱাৰ বাবে গাঁৱলৈ ১০৮ জৰুৰীকালীন সেৱাৰ লগতে ব্যক্তিগত চাৰিচকীয়া বাহনো গাঁও খনলৈ যাব নোৱাৰে । ইপিনে গাঁও খনলৈ ভোটৰ সময়ত বিভিন্ন প্ৰলোভন দি স্থানীয় বিধায়ক তথা পঞ্চায়তৰ প্ৰতিনিধি সকলে ভোট ভিক্ষা কৰে বুলিও ৰাইজে ৰাজহুৱাকৈ উল্লেখ কৰে ।

আনহাতে, কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰ শাসনতো উন্নীতকৰণ নোহোৱাত ৰাইজে বহু আশা কৰি পৰিৱৰ্তনকামী বিজেপি চৰকাৰক ভোট দিছিল বুলি কয় স্থানীয় ৰাইজে ৷ কিন্তু বিজেপি চৰকাৰেও ৰাইজৰ আশাত চেঁচা পানী ঢালিলে বুলি অভিযোগ তুলি সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰতিশ্ৰুতি দিও চাৰিটা বছৰে ৰাইজৰ সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, শীঘ্ৰে অঞ্চলটোৰ সমস্যা সমাধান নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ৷

লগতে পঢ়কঃগান্ধী পৰিয়ালৰ বাহিৰৰ এজন হওঁক কংগ্ৰেছৰ অধ্যক্ষ: প্ৰিয়ংকাৰো সহমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.