ETV Bharat / bharat

তীব্ৰগতিত আহি আছে ঘূৰ্ণীবতাহ 'ডানা'; ৪ জিলাত ৰেড এলাৰ্ট জাৰি

IMD issued red alert: ১০০-১২০ কিঃমিঃ বেগেৰে ভাৰতীয় উপকূলৰ দিশে আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ 'ডানা'। প্ৰশাসনে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

IMD issued red alert
তীব্ৰগতিত আহি আছে ঘূৰ্ণীবতাহ 'ডানা' (ETV Bharat)

ভুৱনেশ্বৰ : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে ঘূৰ্ণীবতাহ 'ডানা' ২৩-২৪ অক্টোবৰৰ ভিতৰত ওড়িশা-পশ্চিমবংগ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে । যাৰ ফলত বতৰ বিজ্ঞান বিভাগে অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহাৰ আগজাননী দিছে । কেন্দ্ৰীয় আন্দামানত উৎপন্ন হোৱা এই ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশে পূব মধ্য বংগোপসাগৰৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে ই অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে ।

এনে পৰিস্থিতিত বতৰ বিজ্ঞান বিভাগে ৪ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে । জিলাকেইখন হৈছে পুৰী, খুৰ্দা, গঞ্জাম আৰু জগতসিংপুৰ । য'ত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১০০ ৰ পৰা ১২০ কিঃমিঃ হ'ব বুলি অনুমান কৰা হৈছে । ২৩-২৭ অক্টোবৰৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণীও জাৰি কৰা হৈছে । ওড়িশাৰ উপকূল আৰু একাংশ জিলাত বৰষুণ আৰু সাম্ভাব্য কৃত্ৰিম বানৰ সম্ভাৱনা আছে ।

আইএমডিৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয়া মহাপাত্ৰই জনোৱা মতে ওড়িশাত বৰষুণ ২৩ তাৰিখৰ পৰাই আৰম্ভ হ'ব আৰু ২৪ আৰু ২৫ তাৰিখে বৰষুণৰ পৰিমাণ অধিক হ'ব ।

বতৰৰ আগজাননী

২৩ অক্টোবৰত ঘূৰ্ণীবতাহৰ প্ৰকোপ অধিক হ'ব বুলি অনুমান কৰা হৈছে । আইএমডিয়ে সতৰ্ক কৰি দিছে যে ঘূৰ্ণীবতাহৰ ফলত ২৪-২৫ অক্টোবৰত ধাৰাসাৰ বৰষুণ হ'ব । ওড়িশাৰ ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ উপৰিও কেন্দ্ৰপদা, কটক, নয়াগড়, কন্ধমাল আৰু গজপতিৰ দৰে চুবুৰীয়া জিলাবোৰতো ধাৰাসাৰ বৰষুণৰ বাবে অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

তদুপৰি, বালাচোৰ, ভদ্ৰক, ময়ূৰভঞ্জ, কেওনঝাৰ আৰু মালকানগিৰিকে ধৰি কেইবাখনো জিলাত হালধীয়া সতৰ্কবাণী (yellow warning) জাৰি কৰা হৈছে ।

প্ৰশাসনৰ প্ৰস্তুতি

আইএমডিৰ সতৰ্কবাণীৰ পিছতে প্ৰশাসন সষ্টম হৈ পৰিছে । বিশেষকৈ ওড়িশা প্ৰশাসনে কেইবাটাও সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । মুখ্য সচিব মনোজ আহুজাই ২০ অক্টোবৰত জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে আৰু সকলো সংশ্লিষ্ট বিভাগক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে ।

ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু অসুস্থ তথা দুৰ্বল লোকসকলক স্থানান্তৰৰ পৰিকল্পনাও কৰা হৈছে । প্ৰভাৱিত জিলাসমূহৰ নিয়ন্ত্ৰণ কক্ষসমূহ ২৪ ঘণ্টাই পৰিচালনা কৰা হ'ব আৰু বিষয়াসকলক ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰত পৰ্যাপ্ত খোৱাপানীৰ যোগান আৰু পোহৰৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

পৰৱৰ্তী দুসপ্তাহত সন্তান প্ৰসৱ কৰিবলগীয়া গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ লগতে ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । চৰকাৰে প্ৰভাৱিত এলেকাবোৰত ভ্ৰমণ পৰিহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে । অ'ডিআৰএএফ, অগ্নি নিৰ্বাপক বাহিনী আৰু এনডিআৰএফৰ দলসমূহক সাজু হৈ থাকিবলৈ কোৱা হৈছে । একেদৰে ৰাইজক আতংকিত নহ'বলৈও আহ্বান জনোৱা হৈছে ।

মাছমৰীয়াসকলক সতৰ্ক কৰি দিয়া হৈছে

উপকূলীয় জিলাসমূহৰ মাছমৰীয়াসকলৰ বাবে বিশেষ সাহায্য আয়ুক্তৰ কাৰ্যালয়ৰ দ্বাৰা এক পৰামৰ্শ জাৰি কৰা হৈছে । মাছমৰীয়াসকলক ২১-২৬ অক্টোবৰৰ ভিতৰত সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে । ইতিমধ্যে সাগৰত থকা মাছমৰীয়াসকলক তীৰলৈ উভতি আহিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক :বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ুমণ্ডল; সাৱধান নহ’লে সন্মুখীন হ’ব পাৰে এই সমূহ সমস্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.