ETV Bharat / state

মাজুলীত কোনে কৰিব পাম খেতি- ক'লে প্ৰাক্তন বিধায়কে

Palm Cultivation in Assam: সত্ৰৰ মাটি জৰীপ কৰোতে পাম খেতিৰ বাবে ভূমি ঠিক কৰিছে চৰকাৰে । এই কথা জানে এগৰাকী প্ৰাক্তন বিধায়কে ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Palm Cultivation in Assam
মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু (ETV Bharat Assam)

মাজুলী: অসমত আকৌ পাম খেতিৰ প্ৰসংগই চৰ্চা লাভ কৰিছে । বিগত সময়ত দল-সংগঠনৰ প্ৰৱল প্ৰতিবাদৰ পিচতো চৰকাৰে এই খেতি আৰম্ভ কৰে । কিছুদিন এই খেতিৰ প্ৰসংগটোৱে তলকা মাৰিলে যদিও এইবাৰ মাজুলীৰ প্ৰসংগৰে উত্থাপিত হৈছে অভিযোগ । কোনে কাৰ বিৰুদ্ধে উত্থাপন কৰিছে এনে অভিযোগ ?

ৰামদেৱে পাম খেতি কৰিব

মাজুলীত দেওবাৰে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত বাবা ৰামদেৱে পাম খেতি কৰিবৰ বাবে মাজুলীত ভূমি ঠিক কৰা বুলি মন্ত্যব প্ৰদান কৰিছে মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে ।

মাজুলীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে এই প্ৰসংগ উত্থাপন কৰি কয়, "পাম খেতি কৰিবৰ বাবে মাজুলীত ক'ত মাটি ঠিক কৰিছে মই জানো, সেয়া সময়ত কম । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাথাউৰীত বাস কৰা ভূমিহীন পৰিয়ালৰ বাবে এই ভূমি পাম খেতি কৰিবলৈ দিবলৈ সাহস কৰা নাই । কিয়নো এইসকল ভূমিহীন পৰিয়ালক এতিয়াও স্থায়ীভাৱে থাকিবলৈ এক কঠা মাটি দিব পৰা নাই ।"

মাজুলীৰ ক'ত মাটি ঠিক কৰিছে চৰকাৰে ?

তেওঁ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয়, "সত্ৰৰ মাটি জৰীপ কৰোতে এই পাম খেতিৰ বাবে ভূমি ঠিক কৰিছে চৰকাৰে ।" উজনি মাজুলী আৰু নামনি মাজুলীত দুই ঠাইত ভূমি ঠিক কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মাজুলীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ।

আনহাতে, এই সভাত মাজুলীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কয়, "২০০১ চনত তৰুণ গগৈ চৰকাৰ অহাৰ আগত চৰকাৰী চাকৰিয়ালে সেই সময়ত দৰমহা পোৱা নাছিল, কিন্তু তৰুণ গগৈ চৰকাৰ অহাৰ পাছত সকলো কৰ্মচাৰীয়ে সময়মতে দৰমহা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত বিত্তমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছিল ।"

আজি হিমন্ত বিশ্ব শৰ্মাই দৰমহা দিবলৈ, অৰুণোদই আঁচনি ধন দিবলৈ, হিতাধিকাৰী টকা দিবলৈ মাহত দুবাৰ- তিনিবাৰ ঋণ ল'ব লগা হৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত তিনিচুকীয়াত সজাগতা সভা - Palm cultivation in Assam

আজিৰে পৰা আৰম্ভ হ'ল ভাৰতৰ প্ৰথমটো অইল পাম প্ৰচেছিং ইউনিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.