ETV Bharat / sports

দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে দল ঘোষণা; ৱাশ্বিংটন সুন্দৰক মূল একাদশত অন্তৰ্ভুক্ত

BCCI announces squad for team India: পুনে আৰু মুম্বাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

IND VS NZ TEST SERIES
দলত অন্তৰ্ভুক্ত ৱাশ্বিংটন সুন্দৰ (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 21 অক্টোবৰ: প্ৰথমখন টেষ্টত লজ্জাজনক পৰাজয়ৰ পিছত দ্বিতীয় টেষ্টলৈ সাজু হৈছে টীম ইণ্ডিয়া ৷ 24 অক্টোবৰৰ পৰা ভাৰত-নিউজিলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট পুনেত অনুষ্ঠিত হ’ব ৷

এইখন টেষ্ট দুয়োটা দলৰ বাবেই হ’ব গুৰুত্বপূৰ্ণ ৷ প্ৰথম টেষ্টত জয়লাভৰ পিছত নিউজিলেণ্ডে শৃংখলা দখলৰ হকে নামিব খেলপথাৰত ৷ বিপৰীতে ভাৰতে শৃংখলাত সমতা স্থাপনৰ লক্ষ্য আগত ৰাখি প্ৰথম টেষ্টত কৰা ভুলসমূহৰ পুনৰাবৃত্তি নকৰিবলৈ চেষ্টা অব্যাহত ৰাখিব ৷

বেংগালুৰু টেষ্টত ভাৰতে 8 উইকেটত পৰাজয়বৰণ কৰাৰ পিছত নিউজিলেণ্ডে এই শৃংখলাত লাভ কৰিছে 1-0 ৰ অগ্ৰগতি ৷ পুনে টেষ্টৰ পূৰ্বে দলত কুলদীপ যাদৱ আৰু অক্ষৰ পেটেল, সুন্দৰৰ যোগদানে টীম ইণ্ডিয়াক অধিক শক্তিশালী কৰি তুলিব ৷

বি চি চি আইৰ দল ঘোষণা

ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে ইতিমধ্যে বি চি চি আইয়ে ঘোষণা কৰিছে দল ৷ দল ঘোষণাৰ পূৰ্বে ঋষভ পন্তৰ দলত অন্তৰ্ভুক্তি সন্দৰ্ভত উত্থাপিত হৈছিল কিছু প্ৰশ্ন ৷ কিয়নো প্ৰথমখন টেষ্টত খেলুৱৈগৰাকী ভূগিছিল আঘাতৰ সমস্যাত ৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বি চি চি আইয়ে দলত স্থান দিছে উইকেটকীপাৰ বেটছমেনগৰাকীক ৷

"মিষ্টাৰ ৱাশ্বিংটন সুন্দৰে পুনেত টীম ইণ্ডিয়াত যোগদান কৰিব" বুলি বি চি চি আইয়ে সদৰী কৰে ৷

ৱাশ্বিংটন সুন্দৰৰ অন্তৰ্ভুক্তি

প্ৰথমখন টেষ্টত বাদ পৰাৰ পিছত বি চি চি আইয়ে দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে দলত স্থান দিছে ৱাশ্বিংটন সুন্দৰক ৷ 25 বছৰীয়া বেটছমেনজনে শনিবাৰে ৰঞ্জী ট্ৰফীৰ খেলত দিল্লীৰ বিৰুদ্ধে শতক অৰ্জন কৰে । সাত বছৰৰ ব্যৱধানৰ পিছত এয়া সুন্দৰৰ দ্বিতীয়টো শতক ৷ বিগত তিনি বছৰ ধৰি টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি থকা ক্ৰিকেটাৰগৰাকীয়ে পুনে টেষ্টত ৰাষ্ট্ৰীয় দলৰ হৈ ৰঙা বলৰ ক্ৰিকেটত খেলিবলৈ সুযোগ লাভ কৰিব ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে ভাৰতীয় দলটো

ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ছৰফৰাজ খান, ঋষভ পন্ত (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশদীপ আৰু ৱাশ্বিংটন সুন্দৰ ।

লগতে পঢ়ক: বেংগালুৰু টেষ্টত ভাৰতৰ পৰাজয়; কাক দোষাৰোপ কৰিলে ৰোহিত শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.