ETV Bharat / state

ডিব্ৰুগড় চেঁ‌চা তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ জনতাৰ

ডিব্ৰুগড়ৰ লেজাইত প্ৰেমিকাৰ ঘৰলৈ আহি শুকুৰবাৰৰ নিশাৰে পৰা সন্ধনহীন হৈ আছে লেজাইৰ দেৱানবাৰীৰ দিলীপ দাসৰ পুত্ৰ সৌৰভ দাস ৷

PEOPLE BLOCKED 37 NATIONAL HIGHWAY IN DIBRUGARH
ডিব্ৰুগড় চেঁ‌চা তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ জনতাৰ
author img

By

Published : Jun 21, 2020, 9:12 AM IST

মৰাণ, 21 জুনঃ ডিব্ৰুগড়ৰ লেজাইত শনিবাৰে প্ৰায় শতাধিক পুৰুষ মহিলা স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি চেঁচা তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে প্ৰায় এক ঘন্টাতকৈ অধিক সময় ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধত কৰাত ব্যাপক যান জঁটৰ সৃষ্টি হয় ৷

PEOPLE BLOCKED 37 NATIONAL HIGHWAY IN DIBRUGARH
ডিব্ৰুগড় চেঁ‌চা তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ জনতাৰ

ডিব্ৰুগড়ৰ চেঁচা তিনিআলিত শুকুৰবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ থকা 20 বছৰীয়া সৌৰভ দাস নামৰ যুৱকজনক শীঘ্ৰে নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা, দোষীক ফাৰ্ষ্টটেক আদালতত বিচাৰ কৰা আদিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ৰোগী কঢ়িওৱা গাড়ী যাবলৈ দিয়াৰ বিপৰীতে আন সকলো যান বাহনৰ চলাচল বন্ধ কৰি দিয়াত এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় ৷ আমাক ন্যায় লাগিবই, আৰক্ষীৰ বৰ্বৰতা নচলিব আদি শ্লোগানেৰে প্ৰতিবাদী পুৰুষ মহিলাসকলে পৰিৱেশ উত্তপ্ত কৰি তোলে । অৱশেষত ডিব্ৰুগড় জিলাৰ উপ আৰক্ষী অধীক্ষক অৱৰোধ স্থলীত উপস্থিত হৈ 24 ঘন্টাৰ ভিতৰত যুৱকজনক নদীৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত ৰাইজে অৱৰোধ উঠাই লয় ।

ডিব্ৰুগড়ৰ লেজাইৰ দেৱানবাৰীৰ দিলীপ দাসৰ পুত্ৰ সৌৰভ দাসে শুকুৰবাৰে নিশা প্ৰায় 10 বজাত এখন স্কুটিৰে ওলাই আহিছিল ওচৰৰে লেজাই দলংঘাটত থকা প্ৰেমিকাৰ ঘৰলৈ । ইয়াৰ পাছৰ পৰাই যুৱকজন নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ মাজত উত্তেজনাই বিৰাজ কৰিছিল । পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হয় । ইয়াতে স্থানীয় ৰাইজ অধিক ক্ষোভিত হৈ পৰে । যুৱকজনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে আৰক্ষী বিষয়াই যুৱকজনৰ পৰিয়ালৰ লোকক লাঠি চালনা কৰাৰ লগতে অভব্য ব্যৱহাৰ কৰাহে পৰিলক্ষিত হয় । ইয়াৰ পাছতে প্ৰায় শতাধিক পুৰুষ মহিলাই ঘটনাস্থলীৰ পৰা 7 কিলোমিটাৰ আঁতৰত থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি ৰাখে । ডিব্ৰুগড় জিলাৰ উপ আৰক্ষী অধীক্ষক অৱৰোধ স্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ আৰু ন্যায়ৰ বাবে সকলো আইনী ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়াতহে ৰাইজে অৱৰোধ উঠাই লয় ৷

লগতে পঢ়ক: আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.