মৰাণ, ২৯ ডিচেম্বৰঃ ‘‘অসমত বাস কৰা প্ৰতিজন চাহ জনগোষ্ঠীয় লোকৰ মাতৃভাষা অসমীয়া’’ এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ ৷ মৰাণত অনুষ্ঠিত এক প্ৰতিবাদী সভাত অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ তেওঁ চাহ জনগোষ্ঠী সম্পৰ্কে কয় যে ‘অসমৰ ৯০ লাখ চাহ জনগোষ্ঠীৰ শতকৰা ৯৯ জনে অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰিছে ৷ চাহ জনগোষ্ঠীয় লোকে অসমীয়া ভাষাক যিদৰে মাতৃভাষাৰূপে আঁকোৱালি লৈছে, আন কোনো জনগোষ্ঠীয়ে অসমীয়া ভাষাক সিমান আন্তৰিকতাৰে আঁকোৱালি লোৱা নাই ৷’ অসম চাহ কৰ্মচাৰী সংঘ আৰু অসম চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণ নগৰৰ ট্ৰেফিক পইণ্টত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পালন কৰে এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট ৷
উক্ত সভাত কংগ্ৰেছী নেতা পৱন সিং ঘটোৱাৰে অসম সাহিত্য সভাক সমালোচনা কৰি কয় যে অসম সাহিত্য সভাই "চিৰ চেনেহী মোৰ ভাষা জননী" বুলি ক'লেই নহ'ব ৷ জাতি আৰু ভাষাৰ এই অস্তিত্বৰ সংকটৰ সময়ত ওলাই আহিব লাগিব ৷ দেশ, জাতি আৰু ভাষা ৰক্ষাৰ হেতু যুঁজ দিব লাগিব ৷ আনহাতে সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডা, প্ৰাক্তন বিধায়িকা জীৱনতাৰা ঘাটোৱাৰ, অসম চাহ মজদুৰ সংঘ, মৰাণ শাখাৰ সভাপতি মনোজ তাঁতী, সম্পাদক লক্ষেশ্বৰ তাঁতী, অসম চাহ কৰ্মচাৰী সংঘ, মৰাণ শাখাৰ সভাপতি ৰেৱ ফুকন সম্পাদক মোহিনী মোহন লিগিৰা, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ হাডী মোস্তাক হুচেইন আদিয়ে নাগৰিকত্ব আইন বাতিলৰ দাবীৰে ভাষণ প্ৰদান কৰে ৷
আৰু পঢ়কঃ "জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী