টিংখাং,28 নৱেম্বৰ: ১৯৯৩ চনতে স্থাপন হোৱা এটা উপ স্বাস্থ্য কেন্দ্ৰ । প্ৰায় তিনি দশকৰ পূৰ্বে স্থাপন কৰা এই স্বাস্থ্য কেন্দ্ৰটোৰ বৰ্তমানৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব । প্ৰায় ৭ খন গাঁৱৰ ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰি অহা টিংখাঙৰ মাহমৰা বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢেকীয়ানি উপ স্বাস্থ্য কেন্দ্ৰটোৱে আজিকোপতি উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই । জহি-খহি যোৱা বাঁহৰ বেৰ, টিং আৰু টকৌপাতৰ চালিৰে আকাশৰ তৰা দেখা এই ভগা-চিগা জৰাজীৰ্ণ ঘৰটোতেই চলি আহিছে গৰ্ভৱতী, শিশুকে আদি কৰি বিভিন্নজন লোকৰ চিকিৎসা সেৱা ।
টিংখাঙৰ মাহমৰা বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত ৰঙাবননি, ঢেকীয়ানি, 2নং ধাদুমীয়া, পদুমণিকে আদি কৰি সাতখন গাঁৱৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ পকীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজিপৰ্যন্ত কোনো সুফল লাভ কৰা নাই ৰাইজে । বৰষুণ দিলে চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৰোগী-চিকিৎসক ৷
কেৱল ইমানেই নহয় । উপ স্বাস্থ্য কেন্দ্ৰটোলৈ অহা-যোৱা কৰা একমাত্ৰ পথটোৰ দুৰৱস্থাৰ বাবেও জলা-কলা খুৱাই আহিছে ৰোগী সকলক । বাৰিষা একাঁঠু বোকাৰ মাজেৰে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা গ্ৰহণ কৰিবলৈ আহিব লাগে ৰোগীসকল ৷ উল্লেখ্য যে, চৰকাৰে স্বাস্থ্যখণ্ডৰ আমোল পৰিৱৰ্তনৰ কথা সদম্ভে ঘোষণা কৰে যদিও এগৰাকী বিজেপি বিধায়কৰ সমষ্টিত স্বাস্থ্য কেন্দ্ৰৰ এনে দুৰ্দশাই ৰাইজক ভবাই তুলিছে ৷
লগতে পঢ়ক : বাক্যবাণ : হিমন্ত বিশ্ব শৰ্মা বনাম হাগ্ৰামা মহিলাৰী