ডিব্ৰুগড়,27 মাৰ্চ: শান্তিপূৰ্ণভাৱে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে ডিব্ৰুগড় লাহোৱালত এজন লোকে পিষ্টল দেখুৱাই আতংকৰ সৃষ্টি কৰে ৷ ডিব্ৰুগড়ৰ লাহোৱালৰ নিজ মৈদুমীয়া প্ৰাথমিক বিদ্যালয়ৰ 105 আৰু 106 নং ভোটদান কেন্দ্ৰত সৃষ্টি আতংকৰ ৷
বহু সময় ধৰি ভোটদানৰ বাবে কেন্দ্ৰত ৰৈ থকা ভোটাৰ ৰাইজৰ লগতে বিশেষকৈ দুই-তিনিজনলৈ পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি লোকজনে । এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড় ।
এই ঘটনাৰ পাচতে স্থানীয় লোকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে ৷ দুৰ্বল নিৰাপত্তা ব্যৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পাই বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ উল্লেখ্য যে, আৰক্ষীয়ে লোকজনক আটক কৰাৰ লগতে লোকজনৰ পিষ্টলটো জব্দ কৰিছে ৷
![ডিব্ৰুগড়ৰ লাহোৱালত পিষ্টলধাৰী লোকৰ আতংক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dib-814to-pistol-at-voting-center-as10043_27032021151442_2703f_1616838282_854.jpg)
লগতে পঢ়ক: মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ ভোটদান