ETV Bharat / state

Panchayat Conference 2023: পোন প্ৰথমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে পঞ্চায়ত সন্মিলন 2023

author img

By

Published : Feb 17, 2023, 7:34 PM IST

অসম বিধানসভাৰ উদ্যোগত দেশৰ ভিতৰতে পোন প্ৰথমবাৰলৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে পঞ্চায়ত সন্মিলন 2023 (Panchayat Conference 2023) ৷ পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী আৰু কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে এই সন্মিলন ৷

Panchayat Conference 2023 held in Dibrugarh for the first time in India
ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে পঞ্চায়ত সন্মিলন ২৩

ডিব্ৰুগড়, 17 ফেব্ৰুৱাৰী: ৰাজ্যত উন্নয়নৰ মূল চালিকা শক্তি হৈছে গাঁও পঞ্চায়ত (Village Council) । ভাৰতৰ পঞ্চায়তী ৰাজ প্ৰণালীত, গাঁও বা সৰু এলেকাৰ স্তৰত গাঁও পঞ্চায়ত আছে ৷ এই গাঁও পঞ্চায়ত হৈছে ভাৰতৰ স্থানীয় স্ব-শাসনৰ এক মুখ্য উপাদান । পঞ্চায়তী ৰাজ প্ৰণালীৰ তিনিস্তৰীয় সংগঠনৰ ভিতৰত গাঁও পঞ্চায়ত হৈছে নিম্নতম স্তৰৰ সংগঠন । প্ৰাচীন কালৰে পৰা ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনত গাঁও পঞ্চায়তৰ এক গুৰুত্বপূৰ্ণ স্থান আছে । ৰাজহুৱা জীৱনৰ প্ৰতিটো দিশ ইয়াৰ দ্বাৰা পৰিচালিত হৈছিল আৰু বৰ্তমান সমাজতো ইয়াৰ প্ৰভাৱ অতি উল্লেখনীয় ।

সেয়েহে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনে গাঁও পঞ্চায়তৰ জৰিয়তে ৰাজ্যৰ উন্নয়ন সাধনত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ দ্বাৰা পঞ্চায়তসমূহৰ দ্বাৰা কেইবাখনো অভিলাষী আঁচনি ৰূপায়ণৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে । অসম বিধানসভাৰ উদ্যোগত দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে পঞ্চায়ত সন্মিলন 2023 (Panchayat Conference 2023)।

পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী আৰু কাৰ্যকৰী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে এই সন্মিলনখন । ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰলৈ বিধানসভাৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত উজনি অসমৰ চাৰিখনকৈ জিলা ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আৰু চৰাইদেউ জিলাক সামৰি আৰম্ভ হৈছে বিশাল পঞ্চায়ত সন্মিলন 2023 (Panchayat Conference 2023 held in Dibrugarh)।

পঞ্চায়ত সন্মিলনত চাৰিখন জিলাৰ মুঠ 609 গৰাকী পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । দুদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনখনত পঞ্চায়ত ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিধানসভাৰ প্ৰধান সচিব হেমেন দাস, গ্ৰামোন্নয়ন বিধানসভাৰ প্ৰধান সচিব ড৹ জে বি এক্কাৰ লগতে বিধায়ক প্ৰশান্ত ফুকন, টেৰছ গুৱালা আৰু পোনাকণ বৰুৱা উপস্থিত থাকে এই সন্মিলনত (Panchayat Conference 2023 held in Assam)।

পঞ্চায়তৰ প্ৰতিটো দিশ, প্ৰতিটো সমস্যাৰ ওপৰত প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰে বিধানসভাৰ অধ্যক্ষৰ লগতে মন্ত্ৰী-বিধায়কসকলে । পঞ্চায়তৰাজক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম বিধানসভাই প্ৰথমবাৰৰ বাবে এই সন্মিলন অনুষ্ঠিত কৰা বুলিও উল্লেখ কৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ।

অধ্যক্ষগৰাকীয়ে লগতে কয়, "পঞ্চায়তীৰাজ ব্যৱস্থা গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান । ৰাইজ উপকৃত হ’ব পৰা সকলো আঁচনি পঞ্চায়তৰ দ্বাৰা ৰূপায়ণ কৰা হয় । সেয়েহে, পঞ্চায়ত কৰ্মীসকলক অধিক কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ।" প্ৰথমবাৰলৈ চাৰিখন জিলাক সামৰি অনুষ্ঠিত হৈছে যদিও পৰবৰ্তী সময়ত সকলো জিলাক লৈ এই পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিছে অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে (Biswajit Daimary Speaker of LA) ।

লগতে পঢ়ক: Jal Jeevan Mission in Assam : ডিগবৈত ২টাকৈ পানী যোগান আঁচনিৰ প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.