ETV Bharat / state

পৃথিৱীত সকলোৱে গছ ৰুব জানে, কেৱল জীৱশ্ৰেষ্ঠই গছ কাটিব জানে : অৰণ্য মানৱ - Vocationally workshop program in Dibrugarh

বৃহস্পতিবাৰৰ পৰা খোৱাঙৰ পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত আয়োজন কৰা হৈছে বৃত্তিমুখী এক বিশেষ কৰ্মশালাৰ ৷ এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰণ্য মানৱ যাদৱ পায়েঙে (Padma Shri Jadav Payeng attended a workshop program) ৷

Padma Shri Jadav Payeng attended a workshop program in Dibrugarh
পৃথিৱীত সকলোৱে গছ ৰুব জানে, কেৱল জীৱশ্ৰেষ্ঠই গছ কাটিব জানে : অৰণ্য মানৱ
author img

By

Published : Oct 20, 2022, 10:41 PM IST

ডিব্ৰুগড়, 20 অক্টোবৰ : ‘‘এই বিশ্বত ক’ভিডত যিমান বিলাক মানুহৰ মৃত্যু হ’ল, ইয়াৰে প্ৰায় বিলাক মানুহৰ মৃত্যুৰ একমাত্ৰ কাৰণ হ’ল অক্সিজেনৰ নাটনি ৷ সেয়ে এতিয়া আমি গছপুলি ৰোপণ কৰি সেই অক্সিজেনৰ অভাৱ পূৰণ কৰিব লাগিব’’ । বৃহস্পতিবাৰে খোৱাঙৰ পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙে (Forest Man Of India Padma Shri Jadav Payeng) ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা দহদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠান (আই আই ই)ৰ উদ্যোগত খোৱাঙৰ পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আয়োজন কৰা হৈছে বৃত্তিমুখী এক বিশেষ কৰ্মশালাৰ (Vocationally workshop program in Dibrugarh) ৷ এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰণ্য মানৱ যাদৱ পায়েঙে (Padma Shri Jadav Payeng attended a workshop program)৷

পৃথিৱীত সকলোৱে গছ ৰুব জানে, কেৱল জীৱশ্ৰেষ্ঠই গছ কাটিব জানে : অৰণ্য মানৱ

এই কৰ্মশালাতে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত অৰণ্য মানৱগৰাকীয়ে কয় যে, এই পৃথিৱীত জীৱ-জন্তু, চৰাই-চিৰিকটি আদিকে ধৰি সকলোৱে গছ ৰুব জানে । কেৱল জীৱশ্ৰেষ্ঠ মানুহে গছ ৰোৱাৰ বিপৰীতে কেৱল গছ কাটিবহে জানে ।

লগতে তেওঁ কয় যে, অসমৰ জীৱ-জন্তু আৰু গছ-গছনি সুৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ ভিতৰতে আছে অতি শক্তিশালী আইন । বন্য জীৱ-জন্তুক বধ কৰিলে সেই মূহুৰ্ততে শাস্তি বিহাৰ নিয়ম আছে ৷ ঠিক সেইদৰে গছ কাটিলেও শাস্তি বিহাৰ নিয়ম আছে ৷ কিন্তু তৎস্বত্বেও প্ৰশাসন বা বন বিভাগে এইসমূহক সুৰক্ষা দিব পৰা নাই ৷

সেয়ে এই সন্দৰ্ভত অৰণ্য মানৱগৰাকীয়ে ভাৰতীয় সৈন্যৰ শীৰ্ষ বিষয়াসকলক লগ কৰি গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে ৷ এই কথা অৰণ্য মানৱগৰাকীয়ে নিজে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ ইফালে পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙক ইমান কাষতে পাই উৎফুল্লিত হৈ পৰিছে পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ শিক্ষাগুৰুৰ লগতে শিক্ষাৰ্থীসকলো ৷

উল্লেখ্য যে, খোৱাং পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত আয়োজিত হোৱা বৃত্তিমুখী এই কৰ্মশালাত শিক্ষাৰ্থীসকলক বৃত্তিমূলক শিক্ষা দিয়া হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Basistha Dev Sarma health is deteriorating: বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্প্ৰতি জটিল হৈ আছে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.