ETV Bharat / state

MSP of paddy: অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়নি এফ চি আইৰ

author img

By

Published : Dec 21, 2022, 1:57 PM IST

ডিব্ৰুগড়ৰ খোৱাঙত ভাৰতীয় খাদ্য নিগমৰ অধীনত ২০২২-২৩ বৰ্ষৰ বাবে ধান ক্ৰয় কেন্দ্ৰ মুকলি (Paddy Procurement Centre in Dibrugarh)। খোৱাং কেন্দ্ৰত ৫০ হাজাৰ কুইণ্টল ধান ক্ৰয় কৰাৰ লক্ষ্য বান্ধি লৈছে নিগমে ।

Khowangs Beria Rice Mill
খোৱাঙত ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ মুকলি

মৰাণ, ২১ডিচেম্বৰ: চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ কম দামত ধান ক্ৰয় কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ভাৰতীয় খাদ্য নিগমে (FCI)। ডিব্ৰুগড় জিলাৰ খোৱাঙত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰি এই কথা ঘোষণা কৰিছে ভাৰতীয় খাদ্য নিগমৰ বিষয়াসকলে (Paddy procurement centre inaugurate in Khowang)। কৃষকৰ ধান ন্য়ূনতম সমৰ্থিত মূল্য প্ৰতি কুইণ্টলত ২০৪০ টকাকৈ ধাৰ্য কৰা হৈছে । সেয়েহে সকলোৱে এই দামতেই ধান ক্ৰয় কৰিব লাগিব (Minimum support price of farmers paddy)।

ডিব্ৰুগড় জিলাৰ খোৱাঙত ভাৰতীয় খাদ্য নিগমৰ অধীনত ২০২২-২৩ বৰ্ষৰ বাবে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় । খোৱাঙৰ বেৰিয়া ৰাইচ মিলত কেন্দ্ৰটো মঙলবাৰে মুকলি কৰা হৈছে (Khowangs Beria Rice Mill)। ধানৰ ন্য়ূনতম সমৰ্থিত মূল্য প্ৰতি কুইণ্টলত ২০৪০ টকা দৰত এইবাৰ কৃষকৰ পৰা ধান ক্ৰয় কৰিব চৰকাৰে ।

এই ধান ক্ৰয় কেন্দ্ৰটো মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি বেৰিয়া ৰাইচ মিলত এখন সভাও অনুষ্ঠিত হয় । খোৱাং গাঁও পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা ফুকনৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত কৃষি বিভাগৰ বিষয়া সকলৰ লগতে ভাৰতীয় খাদ্য নিগমৰ ডিব্ৰুগড় জিলাৰ বিষয়াসকল উপস্থিত থাকে (Khowang Grama Panchayat)। এই বৰ্ষত খোৱাং কেন্দ্ৰত ৫০ হাজাৰ কুইণ্টল ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছে ভাৰতীয় খাদ্য নিগমে ।

ইফালে,ধানৰ ন্য়ূনতম সমৰ্থিত মূল্য প্ৰতি কুইণ্টলত ২০৪০ টকাতকৈ কম দামত কৃষকৰ পৰা ধান ক্ৰয় কৰা অসাধু ব্যৱসায়ীসকলক উক্ত সভাতেই ভাৰতীয় খাদ্য নিগমৰ বিষয়াই সতৰ্ক কৰি দিয়ে । তেওঁলোকে এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে । ধান ক্ৰয় কেন্দ্ৰ মুকলি অনুষ্ঠানটোত কৃষি বিভাগ আৰু খাদ্য নিগমৰ বিষয়া সকলৰ লগতে খোৱাং অঞ্চলৰ ভালে সংখ্যক কৃষক উপস্থিত থাকে ।

উল্লেখ্য় যে প্ৰত্যেক বছৰৰ নৱেম্বৰ-ডিচেম্বৰত কৃষকক উচিত মূল্য় দিয়াৰ লক্ষৰে খাৰিফ বিপণন বতৰৰ (KMS) অধীনত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগে ন্য়ূনতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ চৰকাৰী কাৰ্যসূচীৰ বাবে অধিসূচনা জাৰি কৰে । ক্ৰয়-সংস্থাৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ধান ক্ৰয়ৰ লক্ষ্যৰ লগতে ধান ক্ৰয় কেন্দ্ৰ (PPC)সমূহো নিৰ্দিষ্ট কৰি দিয়া হয় ।

লগতে পঢ়ক:Eviction drive at Batadrava: বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালৰ কাষত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ সঁজাতী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.