মৰাণ, 8 জুন : ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু সুস্থিৰ হৈছে যদিও সমগ্ৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত দৈনিক নতুন ক'ভিড ৰোগী চিনাক্ত হৈ আছে । সেয়েহে সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নতুনকৈ স্থাপন কৰা হ'ব অক্সিজেন জেনেৰেটৰ প্লাণ্ট (Oxygen generator plant) ।

মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জিলা সমন্বয়ৰক্ষী সমিতিৰ এখন সভাত এই কথা সদৰি কৰা হয় ৷ অসম চিকিৎসা মহাবিদ্যালয় (AMCH) ৰ চৌহদত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত স্থাপন হ'বলগীয়া পি.এচ.এ. অক্সিজেন জেনেৰেটৰ প্লাণ্ট সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে উপায়ুক্তগৰাকীয়ে ৷

এই সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শান্তনা বৰা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়া, ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক তথা চিকিৎসক সকলৰ লগতে লোক নিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড( Assam Power Distribution Company Limited)ৰ সহকাৰী মহাপ্ৰৱন্ধক উপস্থিত থাকে। সভাত উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষকে নিৰ্মাণকাৰ্য খৰতকীয়া কৰাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক: কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ