ETV Bharat / state

চৰাইদেউৰ চফ্ৰাই আৰু টেঙাপুখুৰী অঞ্চলত আবকাৰী বিভাগৰ অভিযান - যুটীয়া অভিযান

চৰাইদেউ জিলাৰ চফ্ৰাই আৰু টেঙাপুখুৰী মৰাণ গাঁৱত আৰক্ষী আৰু আৱকাৰী বিভাগৰ যুটীয়া অভিযান ৷ অভিযানত আৰক্ষীয়ে অঞ্চল সমূহত প্ৰায় ৪৫০ লিটাৰ চুলাই মদ তৈয়াৰ কৰা গেলা পাছ, ৩ টা মদ বনোৱা যন্ত্ৰ, ২০ লিটাৰ চুলাই মদ আৰু ৩০০ কেজি লাউপানী জব্দ কৰি নষ্ট কৰে

operation-against-illegal-wine-by-excise-department-moran
চৰাইদেউৰ চফ্ৰাই আৰু টেঙাপুখুৰী অঞ্চলত আবকাৰী বিভাগৰ অভিযান
author img

By

Published : Jun 23, 2021, 2:23 PM IST

মৰাণ, 23 জুন : ৰাজ্যত অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায় তথা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ ক'ভিড ভয়াবহতাৰ মাজতে চৰাইদেউ জিলাৰ চফ্ৰাই আৰু টেঙাপুখুৰী মৰাণ গাঁৱত আৰক্ষী আৰু আৱকাৰী বিভাগৰ যুটীয়া অভিযান । অভিযানত আৰক্ষীয়ে অঞ্চল সমূহত প্ৰায় ৪৫০ লিটাৰ চুলাই মদ তৈয়াৰ কৰা গেলা পাছ, ৩ টা মদ বনোৱা যন্ত্ৰ, ২০ লিটাৰ চুলাই মদ আৰু ৩০০ কেজি লাউপানী জব্দ কৰি নষ্ট কৰে ।

অভিযানকাৰী দলটোৱে অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত এজন ব্যক্তিকো আটক কৰে । চৰাইদেউ জিলাৰ আবকাৰী উপ-অধীক্ষক হোমেন গগৈৰ নেতৃত্বত চলা অভিযানত টেঙাপুখুৰী আৰু অভয়পুৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়াই । ইপিনে অসম ত্ৰিপুৰা-সীমান্তত তালাচী চলাই পুনৰ অসম আৰক্ষীয়ে বুজন পৰিমাণৰ সুৰা জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে নাকা তালাচীত TR- 02H-1654 নম্বৰৰ এখন কণী কঢ়িয়াই নিয়া ট্ৰাকৰ পৰা ১৫০ কাৰ্টন বিলাতী সুৰা জব্দ কৰে ৷ জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে । আৰক্ষীয়ে গাড়ীৰ চালক বুলেট দেৱ বৰ্মাক আটক কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.