মৰাণ,15 অক্টোবৰ : ডিব্ৰুগড়ৰ মৰাণৰ বিভিন্ন গ্ৰামাঞ্চলত বৃদ্ধি পাইছে অবৈধ চুলাই মদৰ অবাধ প্ৰচলন । আৰক্ষী আৰু আৱকাৰী বিভাগে মাজে সময়ে অভিযান চলাই এই অবৈধ ব্যৱসায়সমূহ ৰোধ কৰিবলৈ চেষ্টা কৰে যদিও ৰাইজৰ অসচেতনতাৰ বাবে সেয়া যেন অসাৰ প্ৰতিপন্ন হৈছে ।
![excise department operation in Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9552073_photo.jpg)
দেওবাৰে মৰাণৰ আৱকাৰী বিষয়া তোলন নৰহৰ নেতৃত্বত আৱকাৰী বিভাগৰ দলটোৱে মৰাণ অঞ্চলৰ তিলৈ, গ্ৰাম্যবজাৰ, তিলিকি আমগুৰি আদিত অভিযান চলাই 25 লিটাৰ চুলাই, 1200 লিটাৰ গেলোৱা গুৰসহ বহু চুলাই প্ৰস্তুতকাৰী সামগ্ৰী নষ্ট কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, গাওঁকেইখনৰ বহু কেইটা বাসগৃহত চলোৱা এই অভিযানত কেইবাজনো ব্যৱসায়ীয়ে আৱকাৰী দলৰ উপস্থিতিৰ উমান পাই পলায়ন কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : কৰ্ণাটকত ধৰ্ষণ কৰি হত্যা মাতৃক