ডিব্ৰুগড়,23 আগষ্ট : ডিব্ৰুগড়ত পাকিস্তানী চিলা । পাকিস্তানৰ পতাকাৰ আৰ্হিত নিৰ্মিত চিলা উদ্ধাৰ হৈছে ডিব্ৰুগড়ত ৷ এজন লোকে ৰাজপথেৰে নি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি গতাই দিয়ে আৰক্ষীক । আনহাতে স্থানীয় ৰাইজৰ সন্মুখত লোকজনে নিজৰ নাম ঠিকনা ভুৱাকৈ কোৱাত হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয় চৌকীডিঙীত ।
স্থানীয় লোকে পৰিচয় সোধাত নিজকে ৰাজু শৰ্মা বুলি চিনাকি দিছিল লোক জনে । কিন্তু আৰক্ষীৰ ওচৰত প্ৰকৃত নাম ৰাজু কুৰেছি বুলি উল্লেখ কৰে । স্থানীয় একাংশ লোকৰ এই নাম ঠিকনাক লৈও সন্দেহ ওপজে । ইফালে ঘটনাক কেন্দ্ৰ কৰি লোকজনক লপা-থপা দিয়ে স্থানীয় লোকে । অৱশ্যে একাংশই মিলন নগৰ আৰক্ষীক গটাই দিয়ে লোকজনক । বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে লোক জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । কিন্তু পাকিস্তানৰ পতাকাৰ চিহ্ন সম্বলিত চিলাখন ক’ৰ পৰা কেনেকৈ আনিছিল তাকে লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
লগতে পঢ়ক : এইবাৰ যতীন বৰাৰ বাসগৃহৰ সন্মুখত আন্দোলন কৰিব AJYCPয়ে