ETV Bharat / state

Namrup Cooperative Rice Scam : নামৰূপ সমবায়ৰ চাউল কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ, পলাতক ৩ - rice scam at Namrup cooperative society

নামৰূপ সমবায়ৰ চাউল কেলেংকাৰীৰ তদন্ত অব্যাহত (rice scam at Namrup cooperative society) । খাদ্য আৰু অসামৰিক যোগান বিভাগে নামৰূপ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত এই তদন্ত চলি আছে । এই চাউল হৰলুকি ঘটনাত শুকুৰবাৰে এজনক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, পলাতক হৈ আছে আন তিনিজন অভিযুক্ত ।

Namrup Cooperative Rice Scam
Namrup Cooperative Rice Scam
author img

By

Published : May 20, 2023, 1:54 PM IST

মৰাণ, ২০ মে' : নামৰূপ সমবায়ত সংঘটিত ১,৫৬৬ কুইণ্টল প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (PM Garib Kalyan Anna Yojana scam at Namrup) আঁচনিৰ চাউল হৰলুকি ঘটনাৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগে নামৰূপ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত তদন্ত অব্যাহত আছে । এই সন্দৰ্ভত শুকুৰবাৰে নিশা নামৰূপ আৰক্ষীয়ে ৩৮/২৩ গোচৰৰ ভিত্তিত প্ৰবাল বৰগোঁহাই নামৰ এজল লোকক গ্ৰেপ্তাৰ কৰিছে (1 arrested in Namrup cooperative rice scam) ।

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক আৰু ক্ষেত্ৰ বিষয়া শান্তনু দাসে জানিবলৈ দিয়া অনুসৰি, নামৰূপ আৰক্ষী থানাত সমবায় সমিতিখনৰ সম্পাদক পবিত্ৰ বৰগোঁহাই, সমবায় সমিতিখনৰ দায়িত্ব বহন কৰি থকা প্ৰবাল বৰগোঁহাই, পৰিবহণকাৰী গকুল দাস আৰু মণি সাহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল (rice scam at Namrup cooperative society) । উল্লেখ্যে যে নামৰূপ সমবায় সমিতিৰ গুদামত খাদ্য আৰু অসামৰিক যোগান বিভাগে যোৱা ১৫ মে' তাৰিখে এক অভিযান চলাই পোহৰলৈ আনিছিল এই বৃহৎ পৰিমাণৰ চাউল হৰলুকিৰ ঘটনা (Investigation of Namrup cooperative rice scam) ।

হিতাধিকাৰীৰ বাবে সমবায় সমিতিখনৰ অন্তৰ্গত ৩৬টা এজেঞ্চিলৈ অহা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন আঁচনিৰ জুন মাহৰ সমুদায় চাউল আৰু মে' মাহৰ ৪৮০ কুইণ্টল চাউল অন্তৰ্ধান হৈছিল । নামৰূপ, শান্তিপুৰ আৰু ঘিনাই পঞ্চায়ত সামৰি এক বৃহৎ অঞ্চল সামৰি থকা নামৰূপ সমবায় সমিতিৰ এনে অনিয়মে হিতাধিকাৰীৰ মাজত হাহাকাৰ সৃষ্টি কৰিছিল । আনহাতে, দুখীয়া জনতাৰ বাবে অহা ভাতমুঠি কাঢ়ি খোৱা এটা বৃহৎ চক্ৰ সক্ৰিয় হৈ থকাটো নিশ্চিত হৈছে ।

চক্ৰটোৱে এই চাউল ক্ৰয় কৰি নিজাকৈ পেকেজিং আৰু ব্ৰেণ্ডিং কৰি ভিন্ন নামেৰে বজাৰত বিক্ৰী কৰা বুলি সন্দেহ কৰিছে । অভিযানকালত গুদামত উদ্ধাৰ হোৱা ৯৪ কুইণ্টল খোৱাৰ উপযোগী চাউল উপায়ুক্তৰ অনুমতিত আৰু চেয়াৰমেনৰ উপস্থিতিত হিতাধিকাৰীক প্ৰদান কৰাৰ লগতে জব্দ কৰা ১৫০ কুইণ্টল খোৱাৰ অনুপযোগী চাউলৰ নমুনা ফৰেনচিক লেব'ৰেটৰীলৈ প্ৰেৰণ কৰিব । আনহাতে, এতিয়াৰে পৰা নামৰূপ সমবায়ৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানসমূহলৈ জয়পুৰ সমবায়ৰ যোগেদি চাউল প্ৰেৰণ কৰিব বুলি সংশ্লিষ্ট বিষয়াই জানিবলৈ দিছে ।

লগতে পঢ়ক :GMC RAID IN GUWHATI: বশিষ্ঠ চাৰিআলিত গুৱাহাটী পৌৰ নিগমৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.