ETV Bharat / state

মৰাণত পুনৰ ক'ভিডে প্ৰাণ ল'লে এজনৰ - মৰাণত অনিয়ন্ত্ৰিত হৈ পৰিছে ক'ভিড পৰিস্থিতি

মৰাণত অনিয়ন্ত্ৰিত হৈ পৰিছে ক'ভিড পৰিস্থিতি । পুনৰ ক'ভিডে প্ৰাণ ল'লে মৰাণৰ আৰু এজনৰ । ইফালে, মৃতকৰ পত্নী, পুত্ৰও ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন ।

One people death on covid-19 at Moran
মৰাণত পুনৰ ক'ভিডে প্ৰাণ ল'লে এজনৰ
author img

By

Published : May 5, 2021, 11:21 AM IST

মৰাণ, ৫ মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণতো ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা । মৰাণত ক'ভিড ৰোগীৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱা সমান্তৰালকৈ প্ৰতিদিনে মৃত্যু হৈছে এজনৰ পাছত আন এজন ৰোগীৰ । নিশা ক'ভিডত আক্ৰান্ত হৈ মৰাণত পুনৰ এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায় ।

নিহত লোকজন মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত কনক শৰ্মাৰ পুত্ৰ মন্টু শৰ্মা বুলি জানিব পৰা গৈছে । মৰাণৰ শান্তিপুৰ নিবাসী আছিল মন্টু শৰ্মা । ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাতে অক্সিজেন পৰিমাণ কমি অহাত মৃত্যু হয় মন্টু শৰ্মাৰ । জানিব পৰা মতে মন্টু শৰ্মাৰ পত্নী মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰুন্ধতী শৰ্মা (মালা শৰ্মা) আৰু তেওঁৰ পুত্ৰ‌ও ক'ভিডত আক্ৰান্ত হৈ উক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে অসমতো মহামাৰী কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে । প্ৰতিদিনে মহামাৰী কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে নিহত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে । কৰ'ণাক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি-নিয়ম ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.